পৃষ্ঠা:সম্ভৱতঃ.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 পম্পাৰ নিষ্পাপ, কোমল মুখখনলৈ চাই অজান আশংকাত মোৰ বুকুখন কঁপি উঠিল —পম্পা, মাজনী মোৰ বৰ দুঃসময়ত আহিলি তই! তোক নিৰাপদে আৱৰি ৰাখিবলৈ মোৰ মমতাও যে অপাৰগ! পম্পাক সাৱটি শুই থাকোতে সেই নিশা এটা অদ্ভুত সপোন দেখিলো। হাতত বেলুন লৈ এখন সেউজীয়া প্ৰশস্ত বননিৰ ওপৰেদি পম্পা দৌৰিছে। তাইৰ থুনুক-থানাক মাতবোৰে বতাহত কম্পন তুলিছে। হঠাতে এটা প্ৰচণ্ড শব্দ হ’ল। পম্পাৰ হাতত থকা বেলুনবোৰ ফুটি তাৰ পৰা ওলাই পৰিল একো একোখন অগ্ৰাসী হাত ⸺ আঙুলিত যেন ৰক্তৰ পিপাসা।... আৰু মোৰ ভৰিত, মোৰ কাষত ৰৈ থকা জিৎ আৰু আন সকলোৰে ভৰিত লহ-পহকৈ গজি উঠি মাটিত প্ৰোথিত হৈছে একো একোডাল ৰক্তবৰ্ণৰ শিপা। মোৰ চকুৰ সন্মুখতে মোৰ একমাত্ৰ সন্তানৰ ডিঙিৰ নিচেই কাষ পালেহি অগ্ৰাসী এখন হাত আৰু নিৰূপায় হৈ মই চাই থাকিলো ...

 ক’ৰবাত এটা বাঁহী বাজিছিল। ভয় আৰু শংকাত থক্ থক্‌কৈ কঁপি উঠা মোৰ দেহটোত মমতাৰ আঙুলি বুলাব ধৰিছিল বাঁহীৰ কোমল সুৰটোৱে। ভয়ংকৰ সপোনটোৰ পৰা মোক জগাই তোলা সুৰটোৰ প্ৰতি কৃতজ্ঞ হৈ পৰিলো মই। মন কৰিলো —আমাৰ কাষৰ ভাৰাঘৰটোৰ পৰাই ভাঁহি আহিছে সেই সুৰ।... যেন গভীৰ ব্যথা আৰু মমতাৰে কোনোবাই মনত পেলাইছে এৰি অহা কোনো আপোনজনক! হৃদয়ৰ নিভৃতৰ সকলো আবেগ উজাৰ খাই পৰি খুব কাতৰ, কৰুণ হৈ পৰিছে সেই বাঁহীৰ মাত।

 মোৰ নিচেই কাষতে পৰম নিচিন্ত হৈ টোপনি যোৱা পম্পাৰ মুখখনলৈ ডিম লাইটৰ ঈষৎ নীলা পোহৰত বহুপৰ চাই থাকিলো মই।

 ‘.... সোনকালে ডাঙৰ হ তই মাজনী। অলপ বুজা হ’লেই, মোক এৰি থাকিব পৰা হ’লেই ইয়াৰ পৰা বহু আঁতৰত কোনো বৰ্ডিং স্কুলত তোক নাম লগাই দিম। বিস্ফোৰণ, ডেডবডি আদি শব্দবোৰে তোৰ প্ৰাত্যহিকতাত শংকা আৰু বেমেজালিৰ সৃষ্টি কৰিব নোৱাৰিব। স্ব-ভূমিৰ পৰা আঁতৰত থাকিয়েই তই ডাঙৰ হ, কিন্তু ডাঙৰ হ সুস্থ জীৱনবোধেৰে। এই অসুস্থ পাৰিপাৰ্শ্বিকতাৰ পৰা তোক আঁতৰাই পঠাম মই ...’ অস্ফুট উচ্চাৰণেৰে মোৰ ঘুমন্ত কন্যাৰ সৈতে মই অব্যাহত ৰাখিলো মোৰ কথোপকথন আৰু এসময়ত এই উচ্চাৰণবোৰ বাঁহীৰ মাতটোৰ সৈতে কোনো এটা বিন্দুত মিলি গ’ল! এন্ধাৰ নিশাৰ সমগ্ৰ নিস্তব্ধতাক থান-বান কৰি মোৰ কাণৰ কাষত যেন নিচুকনি গীত এটিহে বাজি উঠিল। মই শুই পৰিলো।

 পিছদিনা বিয়লি ঘৰৰ সন্মুখৰ লনত চাইকেল চলাই থকা পম্পাৰ হাতত ধৰি আমাৰ ঘৰলৈ প্ৰথম আহিছিল বিজন। কোমল মুখৰ, বহল ক’লা চকুত বিষাদ বৈ ফুৰা এটা সৰুফুটীয়া ল’ৰা। ডিব্ৰুগড়ৰ কোম্পানী এটাত কাম কৰে। কোম্পানীৰ কামৰ বাবেই গুৱাহাটীলৈ আহি আমাৰ কাষৰ ভাৰাঘৰটোত আছেহি বন্ধুকেইজনমানৰ লগত।

 বিজনৰ বন্ধু, মানে ৰাজীৱ আৰু অম্লানৰ লগত পম্পাৰ খুব বন্ধুত্ব। সেই সূত্ৰেই বিজনৰ হাতত ধৰি টানি আনি চোতালৰ পৰাই থুনুক-থানাক মাতেৰে চিঞৰিলে তাই — ‘মা, মা, নতুন আংকল আহিছে... চাহ কৰা!’

 কথা পাতি গম পালো, কালি ৰাতি বিজনেই বাঁহী বজাইছিল। ‘যলৈকে যাওঁ বাঁহীটো লৈ যাওঁ। বাঁহী নবজোৱাকৈ মই থাকিব নোৱাৰো’— সি ক’লে।

সম্ভৱতঃ ● ৬০