পৃষ্ঠা:সম্ভৱতঃ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সেইদিনা বহুসময় বহিছিল বিজন। পম্পাৰ লগত লুডু খেলিছিল। তাইক ড্ৰয়িং শিকোৱাৰ প্ৰতিশ্ৰুতি দিছিল। দ্বিতীয় কাপ চাহ খাই বিজন যাবলৈ ওলাওঁতেই জিৎ হুৰমূৰকৈ ঘৰ সোমালহি। বিজনৰ লগত চিনাকি হৈয়ে চোফাত গা এৰি চকু মুদি দিলে জিতে।

 ‘কি হ’ল?’ সুধিলো মই।

 ‘আবেলি গণেশগুৰিৰ ফ্লাই অ’ভাৰৰ তলত ব্লাষ্ট হ’ল। দুজন পুলিচ মৰিছে। তিনিজন আহত। এজনৰ অৱস্থা ছিৰিয়াছ।’ হুমুনিয়াহত পাক খাই থকা আশংকাজৰ্জৰ কণ্ঠেৰে জিতে কথাখিনি শেষ কৰিলে — ‘আৰু মানু, নিহত দুজনৰ এজন নৱ —নৱাৰণ’। নব জিতৰ সহকৰ্মী-বন্ধু মৃণালৰ ভায়েক। ফিজিক্সৰ গ'ল্ড মেডেলিষ্ট নৱাৰুণে দুবছৰৰ আগতে আৰক্ষী বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল। দায়িত্বশীল আৰক্ষী বিষয়া হিচাপে নাম আছিল নৱাৰুণৰ।

 পৰিৱেশটো থমথমীয়া হৈ পৰিল। জিতৰ হাতত কণকণ হাত দুটাৰে থপৰিয়াই পম্পাই সুধিলে ‘নৱ আংকলৰ কি হ’লনো পাপা?’

 মই টিভিৰ চুইচ অন কৰি দিছিলো। পম্পাক কোলাত লৈ যাবলৈ ওলোৱা বিজন পুনৰ বহি পৰিল। গণেশগুৰিৰ ফ্লাইঅ'ভাৰৰ তলৰ হোটেল অম্বৰীশৰ সন্মুখৰ বিস্ফোৰণ হোৱা ঠাইখিনি দেখুৱাইছে নিউজত। তেজৰ ডোঙাৰ মাজত পৰি আছে এপাত জোতা, নোট বুকৰ দৰে এখন বহী। এইবাৰ নিহত দুজনৰ ডেডবডিৰ ক্ল’জআপ দেখুৱাইছে। শৰীৰৰ এফাল ক্ষত-বিক্ষত হৈ পৰা নৱাৰণৰ মুখখন তেতিয়াও অক্ষত আছিল। এইবাৰ বিজনক সুধিবলৈ ধৰিলে পম্পাই- -‘নৱ আংকল কিয় তেনেকৈ শুই আছে নতুন আংকল? কোৱানা ....কোৱা না....’

 সেইদিনা নিশা আৰু অধিক কৰুণ হৈ বাজিছিল বিজনৰ বাঁহী। মোৰ দৰে জিতো সাৰে আছিল। এসময়ত কাষৰ বিছনাৰ পৰা জিৎ আমাৰ কাষলৈ উঠি আহিল। পম্পাৰ মূৰত হাত বুলাই সুধিলে মোক – ‘টোপনি ধৰা নাই?’

 ‘ওঁহো’

 ‘সুন্দৰ বজাইছে, নহয়নে?’

 মই উত্তৰ নিদিলো। জিতো নীৰৱ হৈ পৰিল। মোৰ এনে লাগিল মোৰ দৰে তেওঁৰ বুকুতো এখন নদী খান্দিছে বাঁহীৰ মাতটোৱে। বিষাদপূৰ্ণ অথচ তৃপ্তিকৰ সুৰ এটাৰে উপচি পৰা এখন নদী ...।

 আস! এই শুষ্ক, মলিয়ন পাৰিপাৰ্শ্বিকতাৰ প্ৰতিটো নিশাতে যদি বাজিলেহেঁতেন এনে এটা সুৰ ... শংকাজৰ্জৰ নিশাৰ শেষৰ এটি নিচুকনি গীতৰ দৰে। গ্ৰীষ্মৰ কোনো শীতল স্ৰোতস্বিনীৰ দৰে!

 সাত এপ্ৰিলত অৱধাৰিতভাৱেই মহানগৰীৰ বাট পথ শূণ্য হৈ পৰিল। বিপণীত ক্ৰেতাৰ সংখ্যাও নগণ্য। টিভিৰ নিউজত গম পাই থাকিলো গোলাঘাট, ডিব্ৰুগড়, বিহপুৰীয়া আৰু পাভৈত বিস্ফোৰণ হৈছে। অভূতপূৰ্ব এক আশংকাই খোপনি পুতিছিল মোৰ জিতৰ

ম'বাইলত ফোন কৰি কেইবাবাৰো খবৰ ল’লো মই ‘ঠিকে আছানে?’, ‘ক’ত আছা?’, ‘কি কৰি আছা’ ইত্যাদি। দুপৰীয়া অম্লান আৰু বিজন আহিছিল। টিভিৰ নিউজ চাই যাবলৈ

সম্ভৱতঃ ● ৬১