পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উঠিম। এই যে প্ৰত্যেক নিশাতে বুকুত সোমাই থাকে এটা ভয়— মোৰ ডিঙিলৈ কাৰোবাৰ বলিষ্ঠ দুহাত নামি আহিব আৰু কৰ্কশ চেপাত এটা চটফটনিৰ সীমা অতিক্ৰম কৰি নিথৰ হৈ পৰিব মোৰ শৰীৰ— এই ভয়টো নোহোৱা হ’ব।

 আহ! কি অবাচীন পূৰ্ণতা আৰু স্পন্দনেৰে ঠন ধৰি উঠিব জীৱন তেতিয়া!

 কিচ্চেনলৈ গ’লোঁ। ফ্ৰিজৰপৰা মাংস উলিয়াই বৰ যতনেৰেএখন তৰকাৰী ৰান্ধিলোঁ। আটা মাৰি ফ্ৰিজত ভৰাই থ'লোঁ। তেওঁ আহিলে গৰমে গৰমে লুচি ভাজি দিম। বন্ধাকবি, কমলা, আঙুৰ, ধনিয়া আৰু তেঁতেলিৰ ৰসেৰে ধুনীয়াকৈ এখন ফ্ৰুট ছালাড কৰিম। বস্তুখিনি যতনাই থওঁতেই আদিত্য আহি ওলাল। মুখ-হাত ধুই কাপোৰ সলাই তেওঁ ডাইনিং ৰূমত বহিলহি।

 ‘চাহ দিয়া।’ আদিত্যই ক'লে।

 কিবা এটা গুণগুণাই মই লুচি বেলিবলৈ লাগিলোঁ।

 এই যে মোৰ কাষত বহি আছে আদিত্য — মোৰ স্বামী— তেওঁৰ উপস্থিতিয়ে মোৰ বুকুত তোলপাৰ লগাই থকা অপেক্ষাৰ আনন্দখিনি বিঘ্নিত কৰিব খুজিছে, মই আসৈ দিয়া নাই।

 ‘আজি বৰ খুচ দেখিছোঁ। কিবা ভাল খবৰ আছে?’ আদিত্যই সুদিলে

 মই একো নক’লোঁ। কেৱল হাঁহিলোঁ।

 মোৰ কিছুমান কেৱল আদিত্যই পূৰণ কৰিব পৰা চখৰ কথা কওঁতে এনেদৰেই হাঁহিছিল আদিত্যই। তেওঁৰ হাঁহিটো আছিল মোতকৈ বহুগুণে বেঁকা, বিৰক্তিৰে ভৰা আৰু উপহাসমূলক।

 মহানগৰীৰ যান্ত্ৰিক প্ৰাত্যহিকতাত উশাহ হেৰুৱাব খুজি তেওঁক বহুবাৰ কৈছিলোঁ— ‘ব’লানা ক’ৰবালৈ যাওঁ। য’ত শুদ্ধ বতাহ থাকিব। সেউজীয়া থাকিব।’

 ‘এনেবোৰ বিলাসিতাৰ বাবে মোৰ সময় নাই।’ তেওঁৰ স্পষ্ট জবাব।

 এদিন মোৰ নেৰানেপেৰা অনুৰোধত বিৰক্ত হৈ আদিত্যই কৈয়ে পেলালে সঁচা কথাষাৰ তেওঁৰ বেবেৰিবাং ব্যাখ্যাৰ আঁৰত থকা মূল কথাটো আছিল মোৰ দৰে বেছি স্ফূৰ্তি কৰিব নোৱৰা মানুহৰ সংগত উম নাই। এনে সংগীৰ সৈতে কোনো অচিনাকি ঠাইত প্ৰতিটো মুহূৰ্ত একেলগে থাকি এটা বা দুটা ৰাতি কটোৱাটো তেওঁৰ বাবে বিৰক্তিকৰ হ’ব।

 অথচ আমাৰ প্ৰেম-বিবাহ আছিল। মধুচন্দ্ৰিকাৰ বাবে আদিত্যৰ পছন্দ আছিল চিমলা। তেওঁৰ জেদৰ বাবেই ডিচেম্বৰ মাহৰ প্ৰচণ্ড ঠাণ্ডাতো চিমলালৈ গৈছিলোঁ।

 পাৰ্বত্য প্ৰকৃতিৰ সৌম্য ৰূপ, একা-বেঁকা পাহাৰীয়া পথবোৰে ইমানকৈ আমাক মুগ্ধ কৰিছিল যে তাৰ ছমাহৰ পিচতে পুনৰ দাৰ্জিলিঙলৈ গৈছিলোঁ। তাৰ পিচতো যেতিয়া আজৰি পাইছোঁ— এটা বা দুটা ৰাতিৰ বাবেও ঢাপলি মেলিছোঁ শ্বিলং-চেৰাপুঞ্জীলৈ। এয়া বিয়াৰ পিচৰ প্ৰথম দুটা বছৰৰ কথা।

 ধূমায়িত কফিত শোহা দি হয়তো মই অন্যমনস্ক হৈ পৰিছিলোঁ। খাই উঠি আদিত্য কেতিয়া উঠি গ’ল মই গমেই নাপালোঁ।

 মোৰ ভাব হ’ল এখন গাড়ী যেন গেটত ৰৈছেহি। পঞ্চম মহলাৰ পৰাই যেন মই শুনিবলৈ পাইছোঁ গাড়ীৰ ষ্টাৰ্ট বন্ধ হোৱাৰ শব্দ। তেওঁ আহিল নেকি? তেওঁ—

সম্ভৱতঃ ● ৪৮