পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


সম্ভৱতঃ



সম্ভৱতঃ তেওঁ অহাৰ কথা আছিল। এই কথাটো মনত থকাৰ বাবেই মোৰ আজি ধুনীয়াকৈ সাজোন-কাচোন কৰিবলৈ মন গৈছে। কি ৰং ভাল পাইছিল তেওঁ? মনত পৰিও যেন মনত পৰিব খোজা নাই। নীলা? হালধীয়া?

 আইনাৰ সন্মুখত থিয় দিলোঁ। বিবৰ্ণ হৈ পৰা শৰীৰৰ ৰং লুকুৱাবলৈ নিশ্চয় পৰিধান কৰিব লাগিব ব্ৰাইট কালাৰৰ কিবা এটা। আলমাৰিৰ কাপোৰজাপৰ মাজৰ পৰা এজোৰ সাগৰ-নীলা চুৰিদাৰ উলিয়াই ল’লো। কাপোৰজোৰত গুলপীয়া ৰঙৰ মিহি এস্ত্ৰইডেৰি। কাপোৰসাজ পিন্ধি নিয়াৰিকৈ চুলিখিনি আঁচুৰি বাহিৰলৈ ওলাই আহিলোঁ।

 ....এসময়ত ক’ব নোৱৰাকৈয়ে গেটৰ সন্মুখ পালোঁহি। দুই এখন ৰিক্সা, স্কুটাৰ, গাড়ী আহিছে, গৈছে। মৰা সাপ এডালৰ দৰে নিশ্চল হৈ ৰাস্তাটো পৰি আছে। এনে ধৰণৰ নিৰ্লিপ্তি নিশ্চলতা মোৰ বাবে কষ্টকৰ।

 সকলোতে গতি থাকিব লাগে। একধৰণৰ প্ৰাণ- প্ৰৱাহ। সম্ভৱতঃ সেইবাবেই পাঁচ মহলাৰ খিৰিকীৰে বহুবাৰ জঁপিয়াব খুজিও মই ৰৈ গ’লো। তলৰ নিশ্চল পথটোত গতিশীল মানুহ আৰু যান-বাহনৰ মাজত নিশ্চল শ এটা হৈ মই পৰি থাকিম— তাৰ পাছত মোৰ মৃত্যু পৃথিৱীৰ বাবে হৈ পৰিব নিৰ্লিপ্তিৰে গ্ৰহণ কৰি লোৱা এটা সত্য মাত্ৰ— আনকি একান্ত আপোন মানুহখিনিৰ বাবেও মোৰ জীৱন হৈ উঠিব আলোড়নহীন এক স্মৃতি— না না৷ তাতকৈ বহু ভাল বেলকনিত বহি বাহিৰলৈ চাই ৰোৱাটো। এসময়ত ধূলিৰ তৰপৰ মাজত সেউজীয়া হেৰুৱাই পেলোৱা গছ- পাতবোৰকো আপোন যেন লাগে। ভালদৰে চালে শুকান বতাহৰ শূন্য বুকুতো একো একোটা ঢৌ দেখা যায়। তললৈ চালেতো কথাই নাই— মানুহ, গাড়ী, দোকান-পোহাৰ ৷ অথচ কিয় যে এই সকলো অতিক্ৰম কৰি মোৰ দৃষ্টি লিপিত খাই ধৰে মৰা সাপৰ দৰে ৰাস্তাটোত! তললৈ মই চাব নোৱাৰোঁ।

 তেওঁ আহিব। বহু কথা ক’বলগীয়া আছে মোৰ। মই জানো, কথাবোৰ তেওঁক কোৱাৰ পাছত মই আৰু একো ভাবিব নালাগে। মোৰ হৈ তেওঁ ভাবিব। কৰিবলগীয়াখিনি

কৰিব। হয়তো তাৰ পিচতে ক্ৰমশঃ মই পুনৰ ভৰুণ হৈ
সম্ভৱতঃ ● ৪৭