পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 খৰধৰকৈ বেলকনিলৈ ওলাই আহি তললৈ চালোঁ। গেটৰ কাষত কোনো গাড়ী নাই।

 তেওঁ দেৰি কৰিছে নেকি বাৰু? হয়তো ট্ৰেফিক জামত ফঁচিছে। মহানগৰীত মানুহ, যান-বাহন বেছি হৈ অহাৰ লগে লগে পূৰণা পথবোৰ সৰু আৰু সংকীৰ্ণ হৈ গৈছে। ঠিক বীৰবলৰ সাধুটোৰ দৰে। সেই যে আকবৰে ৰেখা এডাল আঁকি ৰেখাডাল স্পৰ্শ নকৰাকৈ চুটি কৰি দিবলৈ কৈছিল আৰু বীৰবলে ৰেখাডালৰ কাষতে আন এডাল দীঘল ৰেখা আঁকি দিছিল! আপোনা-আপুনি চুটি হৈ গৈছে প্ৰথমৰ ৰেখাডাল!

 সেই সাধুৰ অভিপ্ৰেত সত্যটো কম-বেছি পৰিমাণে প্ৰযোজ্য হ’ব ধৰিছে মোৰ জীৱনতো। মই একে আছোঁ – আড়ম্বৰহীন, উদাস। কিছু পৰিমাণে জেদী, বিচ্ছিন্ন, বিষণ্ণ- –। কিন্তু আড়ম্বৰ আহিছে আদিত্যৰ জীৱনলৈ। সেয়েহে এসময়ত তেওঁৰ ভাল লগা মোৰ আড়ম্বৰহীন-উদাস ব্যক্তিত্ব অপৰিৱৰ্তিত হৈ থাকিলেও অতি সপ্ৰতিভ নন্দনাৰ সান্নিধ্যৰ উম পোৱা আদিত্যৰ বাবে সেয়া হৈ উঠিছে অসহ্যকৰ। গ্ৰাম্যতা।

 বতাহত ধূলি উৰিছে। দূৰৰ পাহাৰখন কি ধৰিছে ধূলিৰ একো একোটা উড়ন্ত জুমে! মোৰ ভাব হ’ল হয়তো ধূলিৰ পৰা বাচি বাবে তেওঁ ক’ৰবাত সোমাইছে।

 ভিতৰলৈ সোমাই মই দুৱাৰখন বন্ধ কৰি দিলোঁ। খিৰিকি, ভেন্টিলেটৰবোৰো জপাই দিলোঁ। পৰিপাটিকৈ থোৱা ঘৰটোৰ প্ৰতিটো কোণকে আকৰ্ষণীয় কৰি তুলিবলৈ মই যত্নৰ ত্ৰুটি কৰা নাই।

 হিন্দী গানৰ কলি এটা সুহুৰিয়াই হাতেৰে গাড়ীৰ চাবি পকাই ওলাই আহিছিল আদিত্য। ক’লা টি ছাৰ্ট আৰু বগা জিন্‌ছেৰে ভীষণ সুন্দৰ দেখাইছে তেওঁক।

 ‘কাম আছে। অলপ ওলাই যাম। আহোঁতে দেৰি হ’ব।' মোলৈ নোচোৱাকৈ আদিত্যই ওলাই যাওঁতে কৈ গ’ল।

 মই জানো, তেওঁ এতিয়া নন্দনাৰ ফ্লেটলৈ যাব। উভতি আহিব মাজনিশা। আনদিনাৰ দৰে আদিত্যৰ এই প্ৰাত্যহিকতাই মোক আজি বেদনাহত নকৰিলে।

 বৰঞ্চ ম‍ই উদ্‌গ্ৰীৱ হৈ থাকিলোঁ ফোন বজাৰ শব্দ শুনিবলৈ। অহাত পলম হলে নিশ্চয় মোক ফোন কৰি জনাব তেওঁ। সচাঁকৈয়ে খন্তেক পিছতো ফোনটো বাজি উঠিল। মই প্ৰায় দৌৰি গৈ ৰিচিভাৰটো তুলি ল’লোঁ।

 ‘হেল্লো— হেল্লো – কিমান দেৰি হ’ব আৰু? মই বাট চাই আছোঁ।’ অধৈৰ্য হৈ উঠিল নেকি মোৰ কণ্ঠ!

 ‘হেল্লো, হেল্লো— মই কৈছোঁ মানু—’

 আস! কাৰ মাত এয়া। তেওঁৰনে সঁচাকৈয়ে!

 ‘মানু, মায়ে কৈছোঁ। ধৰিব পৰা নাই? কি হৈছে তোৰ? মাতটো অদ্ভুত লাগিছে।’

 আস! কিমান দিনৰ মৰু ভ্ৰমণৰ পিছত যেন এজাক বৰষুণৰ স্পৰ্শ পাইছোঁ মই! কি অদ্ভূত মমতাময় মাৰ কণ্ঠ! যেন টিনপাতৰ ঘৰত বৰষুণৰ শব্দই এটি নিচুকনি গীতৰ সৃষ্টি কৰিছে আৰু নিবিড় শান্তি মোৰ চকুৰ পতা জাপ খাই আহিব ধৰিছে...

 ‘ভালে আছনে মানু? বহুদিন তোৰ খবৰ ল'ব পৰা নাই। ফোনৰ লাইন বেয়া আছিল। আদি কেনে আছে?’

সম্ভৱতঃ ● ৪৯