পৃষ্ঠা:সম্ভৱতঃ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ‘মইতো তাক নিবিচাৰাকৈয়ে খাবলৈ দিছিলো।... আৰু সি ইয়াত গান গালেনো কি হয়?’ মই পুনৰ কান্দি পেলালো। ‘তোমাক যদি মা-দেউতাৰ পৰা আঁতৰাই নি ক’ৰবাত মস্ত ডাঙৰ সঁজা এটাত ভৰাই থিয়, তুমি ভালপোৱা মিঠাই, আঙুৰ, আপেল আদিৰে তোমাক বুৰাই পেলায় অথচ বাহিৰলৈ যাবলৈ নিদিয়ে— তুমি গান গাব, খাব পাৰিবা জানো?’ টুকু মামাই মোৰ মূৰত হাত বুলাই সুধিলে। মোৰ কান্দোন বাঢ়ি গ’ল।

 তিতিক মই পাহৰা নাছিলো। এতিয়াও চাৎকৈ মোৰ কথাখিনি মনত পৰিল। সেই যে সঁজাটোৰ তাঁৰৰ মাজেৰে মূৰ সুমুৱাই সুমুৱাই পাক ঘুৰণী খাই খাই ঘূৰি আছিল তিতি- সঁজাটোৰ ভিতৰত থকা তাক অহৰহ ৰিঙিয়াই আছিল এখন মুক্ত আকাশে, গছৰ সেউজীয়াই—

 মোৰ সেই নিষ্পাপ নিবুৰ্দ্ধিয়ে কেনেদৰে চেপি-খুন্দি আনিছিল নীলা আকাশত উৰি ফুৰিব বিচৰা সেউজীয়া চৰাইটোৰ মুক্তিস্পৃহাক— আৰু এয়া অসম্ভৱ বুলি জানিও কিমান ক্ষীপ্ৰতাৰে তাৰেই সুৰঙা বিচাৰি সঁজাটোৰ ঠেক পৰিসৰত অহৰহ চলমান হৈ আছিল তাৰ ক্ষুদ্ৰ শৰীৰ!

 গীতৰ হাতত ধৰি আঁতৰি আহোতে তাইক মই বহুত দিনৰ আগতে টুকুমামাই মোক কোৱা কথাখিনিকে ক’লো। কিন্তু, কি আচৰিত— গীতৰ হাতত ধৰি খোজ কাঢ়ি জনসমুদ্ৰৰ মাজেৰে গৈ থাকোতে মই নিজকে যেন দেখা পালো। মোৰ চেতনাত ছায়াচিত্ৰৰ দৰে প্ৰকট হৈ পৰিছিল সেই দৃশ্য... ধুঁৱলি-কুঁৱলি আকাশৰ তলত সোণালী ৰঙৰ এক পিঞ্জৰাত আবদ্ধ হৈ আছে ছায়া। অলকেশৰ লগত তাইক বান্ধি ৰখা অবিচ্ছিন্ন সূঁতাডাল, গীতৰ প্ৰতি উশাহৰ দৰে নিগৰি পৰা মমতা, দায়িত্ববোধ, ভৰপূৰ ঘৰ এখনৰ ভেঁটি হৈ থকাৰ মোহ আদিবোৰ পিঞ্জৰাটোৰ একো একোডাল ৰড—ইহঁতৰ মাজেৰে মূৰ উলিয়াই উলিয়াই ঘুৰ্মুটিয়াই ফুৰিছে ছায়াই। কুঁৱলিৰ ভিজা গোন্ধটো তাই পোৱা নাই। কুঁৱলিৰ সিমূৰে জোন আছে, তৰা আছে, ফুল আৰু ফুলৰ সৌৰভ আছে, আছে আকাশৰ নীলা আৰু গছৰ ভৰপুৰ সেউজীয়া—। অলপ গান আছে, একান্ত নিজা বুলি ক’ব পৰা কিছু অনুভূতি আছে, আছে আবেগ আৰু অনুৰাগৰ সেই প্ৰাচীন চহৰ। কুঁৱলিৰ আস্তৰণৰ মাজতে ঘনে ঘনে চমকি উঠিছে বিষাদৰ তড়িৎ ৰেখা অথচ বিষ হৈ তাইৰ চেতনাত লীন হ’ব পৰা নাই সেই গাজনিৰ গুম গুম শব্দৰ ঢৌ—।

 ...পিঞ্জৰাটোৰ পৰা বাহিৰলৈ ওলাই যোৱা সম্ভৱ নহয় বুলি জানিও ক্ষীপ্ৰ গতিৰে ৰডৰ মাজেৰে বাহিৰলৈ ভুমুকিয়াই পাকঘূৰণি খাই খাই ঘূৰি আছে ছায়া।❐❐

সম্ভৱতঃ ● ৪৬