যাওঁ। ‘ইমান জধলা হৈ কিয় থাকা?’ অলকেশে বিৰক্তিৰে সোধে। কথা পাতিবলৈ বুলি গীতৰ আজৰি সময়ত তাইৰ কাষত বহিলে টিভিটো অন কৰি তাই তন্ময় হৈ যায়। মোৰ উপস্থিতি, সান্নিধ্যৰ প্ৰতি যেন প্ৰচ্ছন্ন অবজ্ঞা।
...এই সকলোৰে কাষে কাষে ক্ৰমশঃ পুনৰ এটা খোলাৰ কাঠামোৱে মোক আৱৰি বাঢ়ি আহিবলৈ উথপথপ লগায়।
এনেতে এটা ‘মিৰাকল’ ঘটিল। আমাৰ কলেজত নতুনকৈ জইন কৰিলে মোৰ সহপাঠী শান্তনুৱে। বন্ধুত্বৰ চিৰিয়েদি অন্তৰংগতা এঢাপ এঢাপলৈ ওপৰলৈ আগবাঢ়ি আহি থাকিল আৰু যিটো ব্যৱধানত হৃদয় স্পষ্ট হৈ দৃষ্টিত ধৰা দিয়ে সেই ব্যৱধানতে ৰৈ গ’ল। মোৰ উপস্থিতিত শান্তনুৰ চকুত উপচি পৰা পোহৰৰ চিক্মিকনিখিনি মই বুজিব পৰা হ’লো। এনে চিক্মিকনিয়েই এদিন উপচি পৰিছিল সীমাৰ চকুত, অলকেশৰ চকুত আৰু হয়তো সপোনত ডুবি থকা কৈশোৰত মোৰ চকুতো—।
মোৰ ভিতৰতো এটা পোহৰৰ উৎপত্তি হয়। কিন্তু মই ইয়াক অকলে যাপন কৰো। মই জানো, মোৰ চকুত এই পোহৰৰ কণাবোৰ চিটিকি পৰিলেই শান্তনু সষ্টম হৈ উঠিব। একো নেহেৰুৱা আৰু একো নোপোৱাৰ অনাক্ষৰিক চুক্তিৰ আধাৰত আমাৰ মাজত গঢ় লৈ উঠিব নামবিহীন সম্পৰ্কৰ এচপৰা অবুজন অনুৰাগ...। হয়তো ইয়াৰ পৰা এদিন নিঃসৃত হ’ব পাৰে মোৰ আকাংক্ষিত সেই বিষ— মোৰ আত্ম-মগ্নতাত অভিমানী হৈ যি এদিন মোক এৰি গৈছিল।
● ● ● ●
ফাঁচী বজাৰত কোনো এটা সন্ধ্যা গীতৰ হাতত ধৰি ঘুৰ্মুটিয়াই ফুৰিছিলো। তাইৰ আব্দাৰ পূৰাই পূৰাই চলমান জনসমুদ্ৰত ক্ষুদ্ৰ ঢৌ এটা হৈ গৈ থাকি ভাল লাগিছিল। হঠাৎ ফুটপাথৰ একোণলৈ আঙুলীয়াই দেখুৱালে গীতে। মানুহ এজনৰ হাতত সোণালী ফ্ৰেমৰ সঁজা এটাত আবদ্ধ ৰঙা জলকীয়াৰ দৰে ওঁঠৰ সেউজ ৰঙৰ এটা ভাটৌ।
....মোৰ স্মৃতিত বুৰবুৰণি উঠিল। প্ৰায় বিশ বছৰৰ আগৰ পিতাৰ ঘৰখন—। আগফালৰ বাৰাণ্ডাত সোণালী ৰঙৰ সঁজা এটাৰ ভিতৰত পাকঘূৰণি খাই খাই চি চিয়াই উঠিল তিতিয়ে। মোৰ আব্দাৰত দেউতাই কিনি আনি দিয়া ভাটৌটোৰ নাম আছিল তিতি। মগু, জলকীয়া, সি খাব পৰা অন্যান্য আহাৰ সঁজাটোৰ ভিতৰৰ কণমানি পাত্ৰটোত হেঁপাহেৰে ৰাখি মই তন্নতন্নকৈ লক্ষ্য কৰিছিলো তিতিক। কাৎচিতহে সি কিবা খাইছিল। পিতলৰ তাঁৰৰ মাজেৰে মূৰ উলিয়াই সি ঘুমূটিয়াই ফুৰিছিল সঁজাটোৰ ভিতৰতে। আৰু নিৰ্বোধৰ দৰে মই বাট চাইছিলো তাৰ চি চিয়নিবোৰ এদিন মাত হ’ব। মোলৈ চাই ঠোঁট লৰাই লৰাই সি ফিচফিচাই উঠিব— ‘ছায়া, ছায়া...।’ ভাবিছিলো মোৰ চৌপাশৰ নিৰ্জনতাক ভাঙি-চিঙি মোৰ কাষে কাষে উমলি ফুৰিব তিতিৰ চপল বাতুলতা।
এদিন তিতি মৰিল। এসোঁতা কান্দি মুখ ওন্দোলাই বহি থাকোতে টুকুমামা ওলালহি। ঘটনাটো শুনি বুজালে মোক— ‘বনৰ পক্ষীয়ে সঁজাত থাকি সুখ নাপায় নহয় মাজনী। তিতিয়েও সঁজাৰ মাজত থাকি ভাল পোৱা নাছিল। মুকলি মনেৰে আকাশত উৰিবলৈ,
লগৰ বিলাকৰ লগত জাক পাতি উৰি উৰি আহাৰ বিচাৰিবলৈ, গান গাবলৈ তাৰ মন গৈছিল।’