পৃষ্ঠা:সম্ভৱতঃ.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আমাৰ বিয়া হৈ গ’ল। নাই। শৰীৰেৰে নিবিড় হ’লেও মোৰ সুহৃদ, তেওঁৰ পৰাই উদ্ভুত কৈশোৰৰ সংগী সেই ‘বিষ’টোক আঁতৰাই পঠাব পৰাকৈ হৃদয়েৰে মোৰ সত্তাৰ ওচৰ চাপিব পৰা নাছিল অলকেশ। নিত্য সহচৰ নহ'লেও সামান্য সুৰুঙা পালেই মোৰ নিঃসংগতা আৰু নিৰ্জনতাত সুদূৰৰ বিজুলীৰ দৰে চমকি উঠি ‘বিষ’টোৱে সোঁৱৰাই আছিল— ‘মই আছো। মই আছো।’

 আচলতে, অলকেশৰ স্নেহ আৰু আনুগত্যত মই কেনেবাকৈ যেন সহানুভূতিৰ এটা প্ৰলেপ দেখিছিলো। তেওঁৰ তৃপ্ত হোৱাৰ ভংগিমাত কেনেবাকৈ যেন বিৰিঙি উঠিছিল ‘দাতা’ৰ গৰ্ব! দীৰ্ঘদিন যেন চৰম নিৰ্লিপ্তি আৰু হৃদয়ৰ দৈন্যৰ মুখা এখন পিন্ধি মই তেওঁৰ বাবে তপস্যা কৰিছিলো আৰু অৱশেষত তপস্যাত সন্তুষ্ট হৈ তেওঁ মোক কৃতাৰ্থ কৰিছে!

 কিন্তু, সেই যে ‘গীত’ আহিল— অলকেশ আৰু মোৰ মাজৰ নিস্তৰংগ জলাশয়ত যেন সুক্ষ্ম গোলকৰ দৰে মমতাৰ অলেখ বুৰবুৰণি উফৰি পৰিল আৰু স্নেহ, বিশ্বাস, কৰ্তৃত্ব আৰু দায়িত্বৰ উখল-মাখলে আমাৰ জীৱনলৈ আগতে ভাবিব নোৱাৰা এক দুৰ্বাৰ গতি আনি দিলে।

 গীতৰ মুখত ‘মা’ উচ্চাৰণ শুনাৰ পাছতে খোলাটোৰ পৰা মই সম্পূৰ্ণৰূপে ওলাই আহিলো। অৰ্থবহ, অৰ্থহীন টুকুৰা টুকুৰ খণ্ডবাক্যৰে অবিৰাম কথা পাতিবলৈ ধৰিলো গীতৰ লগত। নিজৰ লগত। আৰ্চীত নিজকে চাই মই বিস্ময় মানো। ইমান মসৃণ হ’লোনে মই! প্ৰাপ্তিৰ আনন্দই এনেদৰে উজ্জ্বল কৰি তুলিব পাৰেনে মানুহ! আচৰিত!

 পূৰ্ণতাৰ উলপন্ধিত ‘বিষ’টোৰ কথা মই পাহৰি থাকিলো। সম্ভৱতঃ ঈৰ্ষা আৰু অভিমানত, অথবা অৱহেলিত হোৱাৰ ভয়ত সিও এবাৰৰ বাবেও মোৰ ওচৰলৈ নাহিল।

 ...আৰু যেতিয়া মোৰ তাৰ কথা মনত পৰিল, তেতিয়া গীত স্কুললৈ যাবলৈ আৰম্ভ কৰিছে। স্কুলৰ বাহিৰৰ সময়খিনিত হোমৱৰ্ক, টেনিছ আৰু কম্পিউটাৰ তাইৰ অধিক কাষ চাপি আহিছে। কলেজৰ লগতে চেমিনাৰ আৰু প্ৰাইভেট আৰ্টস্কুল এখনক লৈ বেছি ব্যস্ত হৈ পৰিছে অলকেশ।

 আস! মই মনত পেলোৱাৰ পাছতো এইবাৰ পূৰ্বৰ বিশ্বস্ততাৰে হিল-দল ভাঙি দৌৰি নাহিল মোৰ সুহৃদ। আচলতে, যিবোৰ সৰু সৰু কথাত পূৰ্বতে চেতন আকাশৰ দূৰ একোণত ‘বিষ’ৰ উৎস বিষাদৰ তড়িতৰেখা চমকি উঠিছিল, সেই কথাবোৰ ইগন’ৰ কৰিব পৰা মুদ্ৰা এটা অনায়াসে মোৰ আয়ত্তৰ ভিতৰলৈ আহিছিল। মাতৃত্বৰ পূৰ্ণতাই নাৰীৰ সহন শক্তিকো জোৱাৰ উন্মুখ সমুদ্ৰপৃষ্ঠৰ দৰে স্ফীত কৰি তুলিব পাৰে নেকি!

 থেছিচ চাবমিট কৰিয়েই মই কলেজ এখনত যোগদান কৰিছিলো। কলেজৰ ক্লাছৰ বাহিৰৰ সময়খিনিত অলকেশ আৰু গীত কোনেও মোক অফুৰন্ত সান্নিধ্য দিব নোৱাৰা হ’ল। ক্ষণিকৰ বাবে দূৰ্বাৰ হৈ পুনৰ স্তিমিত হৈ পৰা জীৱনৰ গতিৰ লগত এডজাষ্ট কৰিবলৈ গৈ মই ভাগৰি পৰিলো। এই সময়তে নিজৰ অস্তিত্ব বজাই ৰাখিবৰ বাবে মোক প্ৰয়োজন হ’ল এটা পুৰণা মাধ্যমৰ। গল্প এনে এটা মাধ্যম আছিল আৰু ইয়াৰ বাবেই অতীত চলাথ কৰি মই বিষটো বিচাৰিবলৈ ধৰিছিলো...।

 অলকেশৰ গাড়ীৰ হৰ্ণৰ বাবে উৎকৰ্ণ হৈ থাকি শব্দটো শুনিলেই পদূলিলৈ আগবাঢ়ি

সম্ভৱতঃ ● ৪৪