পৃষ্ঠা:সম্ভৱতঃ.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

Nobody হৈ ভিৰৰ মাজত নিঃচিহ্ন হৈ যোৱাৰ ভয়। ইয়াৰ লগে লগে কাঠফুলাৰ দৰে বাঢ়ি আহি মোক ছাটি ধৰিছিল প্ৰাক্ যৌৱনৰ সেই নোপোৱাৰ যন্ত্ৰণাই। কিন্তু, পৰিপক্ক হোৱাৰ পাছত বুজি উঠিলো মোৰ সেই যন্ত্ৰণাৰ উৎস অলকেশৰ প্ৰেম নোপোৱাটো নহয়। সেয়া আছিল মোৰ হীন অস্তিত্ব, বিশেষত্বহীনতা, তাতকৈ বেছি সীমাৰ কাষত মোৰ অত্যন্ত নিষ্প্ৰভ স্থিতিৰ উপলব্ধি।

 ...মৃত সপোনৰ বোজা বৈ বৈ যন্ত্ৰণাৰ লগত মই অভ্যস্ত হৈ পৰিছিলো। বুকুত বিয়পি পৰা গুম গুম গাজনিৰ দৰে বিষটো মোৰ সত্তাৰ লগত অভিন্নপ্ৰায় হৈ পৰিছিল। যি অভিন্ন তাক গ্ৰহণ কৰিবলৈ মানুহ বাধ্য। আৰু... আৰু এনেকৈয়ে বিষটো হৈ পৰিছিল মোৰ সু-হৃদ।

 সেই যে এদিন মোৰ প্ৰতিবিম্বই মোক সিয়াঁৰিছিল, ভ্ৰূকুটি কৰিছিল— সেই তেতিয়াৰে পৰা মই নিজকে কেতিয়াও ড্ৰেছিঙৰ সন্মুখত ৰৈ খুটিয়াই চোৱা নাছিলো। এবছৰ দুবছৰকৈ কেইবাটাও বছৰ পাৰ হৈ গ'ল। চৈধ্যবছৰীয়া কিশোৰী ‘মই’ জনী পঁচিশ বছৰীয়া হ’লো। খোলাৰ ভিতৰত কেৱল আখৰৰ লগত গঢ়ি তোলা নিবিড় সম্পৰ্কৰ বাবে মোৰ কেৰিয়াৰৰ গ্ৰাফডাল ঊৰ্ধ্বমুখী হ’ল। চাৰ্টিফিকেটবোৰ গধুৰ হ’ল। ...আত্মপ্ৰকাশৰ মাধ্যম হ’ল কেৱল গল্প।

 তেতিয়া মই গুৱাহাটী ইউনিৰ্ভাছিটিৰ ৰিচাৰ্ছ স্কলাৰ হোষ্টেলত থাকো। এম এছ চি পাছ কৰি গৱেষণা আৰম্ভ কৰিছো মাত্ৰ। সন্ধ্যাপৰত বুকুত কিতাপ কেইখনমান সাবটি লৈ খৰধৰকৈ লাইব্ৰেৰীৰপৰা হোষ্টেললৈ গৈ আছিলো। মোৰ বাট ভেটি থিয় হ’ল অলকেশ—। তেওঁ তেতিয়া ৰসায়ন বিভাগৰ প্ৰবক্তা হিচাপে গুৱাহাটীৰ আগশাৰীৰ কলেজ এখনত যোগদান কৰিছে। সেই বছৰটোত সেয়া আছিল আমাৰ তৃতীয় সাক্ষাৎ। মোৰ হাতত তেওঁ বহল পেকেট এটা তুলি দিলে। হোষ্টেলৰ কোঠাত পেকেটটো খুলি বিস্ময়ত মই থৰ হৈ গ’লো। এক নাৰীৰ পট্ৰেইট। উজ্জ্বল, সুন্দৰ, অনন্য। তলত মোৰ নাম— ‘ছায়া’।

 অলকেশৰ লগে লগে এই কথাও মোৰ বাবে স্মৃতি হৈ গৈছিল যে তেওঁ এসময়ত ছবি আঁকিছিল...। বহু দিনৰ পাছত আৰ্চীত প্ৰতিবিম্বিত নিজৰ অবয়ৱ তন্নতন্নকৈ পৰীক্ষা কৰিলো। ওখ, ক্ষীণ, ভাঁজহীন শৰীৰ, ঈষৎ ৰঙচুৱা কেঁকোৰা চুলি, শেঁতা বৰণ আৰু অনুজ্জ্বল চকুৰে ‘মই’ আৰু ফ্ৰেমত আবদ্ধ পট্ৰেইটখনৰ মাজত যেন বিস্তৰ পাৰ্থক্য!

 খং আৰু অপমানত মই শিয়ৰি উঠিলো। মানুহৰ আটাইতকৈ সংবেদী তাঁৰডালত টুকুৰিয়াই হীনমন্যতাক দূৰন্ত কৰি পেলোৱা কেনেধৰণৰ ধেমালি এয়া!

 মোৰ প্ৰশ্নৰ উত্তৰ চিঠিৰে দিছিল তেওঁ। মোৰ চেতনাত চিনাকি উপলব্ধিৰ অনিবৰ্চনীয়তা উবুৰিয়াই দিয়া সেইকেইটা বিশেষ আখৰেৰে—... খোলাৰ পৰা বাহিৰলৈ ওলাই আহি মোৰ দৃষ্টিৰে নিজক চোৱা ছায়া। তোমাৰ বিষাদ-গম্ভীৰ মৌনতা মোৰ দৃষ্টিৰ সন্মুখত নতুন ৰূপত উদ্ভাসি উঠিছে। তুমি নাজানা তুমি কি আৰু মোক তুমি কি দিব পাৰা।... তোমাৰ আয়ত চকুৰ মণিত যে ‘মই’ কেতিয়াবা প্ৰতিবিম্ব হৈ ভাঁহি থাকিছিলো সেয়া তোমাৰ লেখাই কৈছে মোক।... নিজক ফাঁকি নিদিবা আৰু!’ মই ফাঁকি দিয়া নাছিলো নিজক। আনৰ ফাঁকি গ্ৰহণ কৰিবলৈয়ো মোৰ প্ৰস্তুতি নাছিল। ‘সীমা—?’ সুধিছিলো তেওঁক। ‘সীমা মোৰ অতীত আছিল। তেওঁ এতিয়া আন এজন পুৰুষৰ ‘বৰ্তমান’। দুটি সন্তানৰ মাতৃ।

সম্ভৱতঃ ● ৪৩