পৃষ্ঠা:সম্ভৱতঃ.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মুঠিত উকা কাগজত চিকচিকাই আছিল মোৰ চেতনাত উপলব্ধিৰ অনিৰ্বচনীয়তা ছটিয়াই দিয়া সেইকেইটা বিশেষ আখৰ। স্কুলৰ পৰা আহোতে বৰ হেঁপাহেৰে, বৰ গৌৰৱেৰে মোৰ সন্মুখত তাই তুলি ধৰিছিল চিঠিখন— ‘চা-না, অলকেশে দিছে।’ দুবছৰৰ পূৰ্বে আমাৰ কলেজৰপৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেতিয়া গুৱাহাটীৰ কটন কলেজত পঢ়ি আছিল অলকেশে। অঞ্চলটোত ‘উজ্জ্বল ৰত্ন’ৰ লগত তুলনা কৰা অলকেশৰ তেনে এখন চিঠি তাইৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছিল।

 বসন্তৰ সেই তজবজীয়া সুন্দৰ আবেলিটোতে বৰ অনুজ্জ্বল, ঢিমিক-ঢামাক মাটিৰ চাকিৰ মিহি শিখা এডাল হৈ পৰিছিলো মই আৰু নিয়ন লাইটৰ দৰে সম্প্ৰতিভ, উজ্জ্বল সীমাৰ ওচৰৰে খোজ কাঢ়ি আহি আছিলো।...চিঠিখনত সীমাৰ সৌন্দৰ্যৰ উচ্ছ্বসিত প্ৰশংসা আছিল। আৰু আছিল আবেগ-বিধুৰ প্ৰেমৰ সচেতন প্ৰকাশ।

 নাই নাই। অলকেশে মোক বিট্ৰে কৰা নাছিল। তেওঁ কেতিয়াও মোৰ সৌন্দৰ্যৰ প্ৰশংসা কৰা নাছিল। মোক প্ৰেম নিবেদন কৰা নাছিল। তেওঁ মোলৈ লিখা চিঠিবোৰৰ বক্তব্য আছিল— ‘...ভালদৰে পঢ়িবা। এতিয়া প্ৰতিযোগিতাৰ যুগ। নহ’লে বহু পাছ পৰি ৰ’ব লাগিব। নিজৰ মাজত থকা ‘ভাল’খিনি বিকশাই তোলাৰ চেষ্টা কৰা আৰু তোমাৰ চৌপাশকো ভাল কৰি তোলা।’ হয়তো দেউতাৰ কথামতে মোক কিছুদিন অংক আৰু বিজ্ঞান শিকোৱাৰ পাছত মোৰ প্ৰতি তেওঁ ভ্ৰাতৃসুলভ দায়িত্ব এটা পালন কৰিবলৈ বিচাৰিলে। তাতে তেওঁ আছিল দেউতাৰ প্ৰিয় ছাত্ৰ।

 সেইদিনা ঘৰলৈ আহি ড্ৰেচিঙৰ সন্মুখত ৰৈ নিজকে প্ৰথমবাৰৰ বাবে খুটিয়াই খুটিয়াই চাইছিলো। এমূৰ কেঁকোৰা ৰঙচুৱা চুলি, টেলেকা চকু, ক’লা বৰণ আৰু হীন স্বাস্থ্যৰ মোৰ অবয়বটোৱে আৰ্চীৰ ভিতৰৰ পৰাই যেন মোক সিয়াঁৰিছিল।... আৰু সীমা— গাখীৰত সেন্দূৰ মিলোৱাৰ দৰে গাৰ ৰং, টনা টনা চকু আৰু ভৰা গাল-মুখেৰে সীমাৰ উপনামেই হৈছে ‘পৰী’।

 চাৎকৈ মোৰ বোধৰ আকাশত যেন উজ্বলি উঠিছিল সত্যৰ বিদ্যুৎ তৰংগ। লাহে লাহে সত্যটো অনুধাৱন কৰিব পাৰিছিলো। তড়িতৰ দৰে চমকি উঠা সেই চমৎকাৰ বিষাদেই গাজনিৰ গুম গুম শব্দৰ দৰে দূৰৰ পৰা ভাঁহি আহি ‘বিষ’ হৈ মোৰ বুকুত বিয়পি পৰিছিল।... সপোনৰ মৃত খণ্ড-চিত্ৰবোৰৰ ওপৰত গুম-গুমনিৰ এখন শুধু বগা কাপোৰহে যেন কোনোবাই তৰি দিছিল।

 কেইটামান আখৰৰ নিৰ্বোধ বাঙ্ময়তাৰে এসময়ত মূৰ্ত হৈ উঠিছিল এই সপোনবোৰ। সিহঁতৰ মৃত্যুৰ সময়তো মই মোৰ অভ্যন্তৰৰ বিষটোক নিচুকাবৰ বাবে কলম খামুচি ধৰিছিলো। আখৰবোৰ গল্প হৈছিল।

 জীৱনৰ খলা-বমাবোৰ তাৰ পাছত ক্ৰমশঃ স্পষ্ট হৈ আহিছিল৷ বৰ সন্তৰ্পণে মই এটা খোলা নিৰ্মাণ কৰিছিলো। মানুহৰ লগত মুকলি মনেৰে কথা পাতিবলৈ, মিলি পৰিবলৈ মোৰ সংকোচ বাঢ়ি আহিছিল। একধৰণৰ হীনমন্যতাই তৰ্জনী আঙুলি টোঁৱাই বাৰে বাৰে যেন সকীয়াই আছিল— ‘খবৰদাৰ। খোলাৰ বাহিৰ নোলাবি।’

 সৰ্বনাশী এক ভয়ে অক্টোপাছৰ দৰে মোক মেৰাই ধৰিছিল— অৱহেলিত হোৱাৰ ভয়,

সম্ভৱতঃ ● ৪২