পৃষ্ঠা:সম্ভৱতঃ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


মোহ-পিঞ্জৰ



এটা ‘বিষ’ৰ বাবে সুহৃদৰ দৰে অপেক্ষা কৰিব পাৰেনে মানুহে— আকাশৰ দূৰ একোণত মেঘৰ আস্তৰণ আৰু আকাশ উজ্বলাই বিদ্যুৎ ৰেখাৰ দৰে চমকি উঠি তাৰ পাছত সেই দূৰৰ পৰাই ভাঁহি অহা গাজনিৰ গুম গুম শব্দৰ দৰে বুকুত গুজৰি গুজৰি বিয়পি পৰা এটা বিয...

 প্ৰোজ্জ্বল বিদ্যুৎৰেখা যেন এক তাৎক্ষণিক বিষাদ চমক আৰু গাজনিৰ গুম গুম শব্দ এই বিষাদ নিঃসৃত বিষ! যৌৱন- কৈশোৰৰ দোমোজাত থাকোতেই খুব বিহ্বল মুহূৰ্ত এটাত, অনুভূতিৰ সুক্ষ্ম তাঁৰ আৰু সপোনৰ খণ্ডচিত্ৰ কিছুমানৰ মাজত আউল ভাঙিব নোৱাৰোতে এই বিষে প্ৰথমবাৰৰ বাবে মোৰ ভিতৰত উক মুকাই উঠিছিল। সুনিৰ্দিষ্ট আকৃতিবিহীন সম্পৰ্ক নে সম্পৰ্কৰ আৰম্ভণী এটাক ‘প্ৰেম’ নামাকৰণ কৰিছিলো। উকা কাগজত জিলিকি থকা কেইটামান আখৰৰ পৰা মোৰ সত্তাৰ সমগ্ৰ জুৰি কেনেদৰে বিয়পি পৰিছিল এটা নিভাঁজ সুগন্ধৰ ঢৌ! এই ঢৌত উটি-ভাঁহি ফুৰিয়েই নিজাকৈ মই এটা সপোন আঁকিছিলো।বৃত্তাকৃতিৰ সেই জলমল সপোনৰ কেন্দ্ৰত উপবিষ্ট হৈছিল আটোম টোকাৰি আখৰ কেইটাৰ গৰাকী—অলকেশ।

 তেতিয়ালৈকে বৰ মসৃণ আছিল মই খোজকাঢ়ি যোৱা বাটবোৰ। বিচাৰিলেই জোন-তৰা থপিয়াই আনিবলৈ প্ৰস্তুত হৈ থকা দেউতা আৰু চেতনাত বোধৰ আখৰ চটিয়াই দিবলৈ যত্ন কৰি থকা মাৰ স্নেহ আৰু মমতাৰ ছাঁত থাকি এবাৰৰ বাবেও ভাবিব পৰা নাছিলো কেতিয়াবা জীৱিত শৰীৰেৰে স্বপ্নৰ মৃতদেহ কঢ়িয়াই ফুৰিব লাগিব।

 মোৰ ব্যস্ততা আৰু অৱসৰত প্ৰচণ্ড অহংকাৰেৰে অধিকাৰ সাব্যস্ত কৰি দুলিবলৈ আৰম্ভ কৰিছিল বিশেষ এজন ব্যক্তিৰ কেইটামান আখৰ আৰু সেই আখৰকেইটাই বৈ অনা এখন নেদেখা অথচ কল্পনাত উজ্জ্বল হৈ জিলিকি উঠা তৰংগায়িত পৃথিৱী। কল্পনা, সপোন আৰু বাস্তৱ কোন এটা বিন্দুত যেন মিলি গৈছিল অথবা কোন এটা বিন্দুৰ পৰা প্ৰত্যেকেই আৰম্ভ কৰিছিল এক সুকীয়া যাত্ৰা!

 জীৱনৰ প্ৰথম উজুটিটো খাইছিলো বসন্ত কালৰ উজ্জ্বল আবেলি এটাত। মোতকৈ এক ক্লাছ ওপৰৰ সীমাৰ হাতৰ
সম্ভৱতঃ ● ৪১