পৃষ্ঠা:সম্ভৱতঃ.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ...খিৰিকীৰে ছিটিকি আহি তাইৰ মুখত পৰি থকা ৰ’দজাক নোহোৱা হোৱাৰ কেইটামান মুহূৰ্তৰ পাছতেই শিল্পী স্থিৰ হৈ বহিল। পলক নেপেলোৱাকৈ তেওঁ তাইৰ ফালে চাই থাকিল অলপ সময়। “নি..শি..নি...শি…গ....ন্ধা …..!’ মৃদুকৈ মাতিলে তেওঁ। তাই একো উত্তৰ দিব নোৱাৰিলে। স্থানুৰ দৰে খিৰিকীৰ ফ্ৰেমত আৱদ্ধ তাইৰ ইতস্ততঃ দেহৰেখা। শিল্পী উঠি আহিল। প্ৰীতমৰ দৰে লগা তেওঁৰ চকুৰ তিৰবিৰণিবোৰে এইবাৰ তাইৰ ভৰি থকা দুচকুত ঠেকা খালে। নিশিগন্ধাৰ নিচেই কাষলৈ আহি থিয় হ’ল তেওঁ। ‘মোৰ জীৱনৰ এক অন্যতম কৃতী হ’ব এই ছবি। ব....হু...ত নিৰাভৰণ শৰীৰ মই মোৰ ছবিৰ মডেল হিচাপে ব্যৱহাৰ কৰিছো। ইমান সমৃদ্ধ নাৰীৰ ঊৰ্ধ্বাঙ্গ মই দেখা নাছিলো।’ এতিয়া তেওঁ তাইৰ নিশ্বাসৰ শব্দ শুনিব পৰা দূৰত্বত। শিল্পীয়ে দুহাত মেলি দিলে তাইৰ ফালে। মুহূৰ্তৰ বাবে কঁপি উঠিল নিশিগন্ধা। শৰীৰৰ বিষাদ ফুলবোৰে উচুপিবলৈ এৰি ক্ষণিক সুখ স্পৰ্শৰ বাবে অপেক্ষা কৰিলে। ক'ৰবাৰ পৰা এটা উত্তাল ঢৌ আহি মুদাই দিলে নিশিগন্ধাৰ দুচকু...। অথচ তাইৰ চকুৰ পৰা হিলদল ভাঙি নৈ এখন ব’বলৈ ধৰিলে। অভ্যস্ত প্ৰসাৰিত হাতেৰে এইবাৰ শিল্পীয়ে তাইৰ শৰীৰত তুলি দিলে বক্ষ বন্ধনী। ব্লাউজৰ বুটাম মাৰি কান্ধত তুলি দিলে আকাশৰঙী শাৰীৰ আঁচল। যি সময়ত আবেগ, বিবেক, স্মৃতি আৰু বৰ্তমান একাকাৰ হৈ তাইক গুড়ি কৰি আনিছিল আৰু এই সকলোৰে ঊৰ্ধ্বত তাইৰ শৰীৰি প্ৰয়োজন প্ৰচণ্ডভাৱে অদমনীয় হৈ উঠিছিল; যি সময়ত তাইৰ শৰীৰৰ ভাঁজে ভাঁজে উচুপি থকা বিষাদ ফুলবোৰে স্পৰ্শময় উজ্জ্বলতাৰ আশাত মূৰ তুলি অভিষেকৰ মুখলৈ কাতৰ হৈ চাইছিল আৰু হিলদল ভাঙি বৈ অহা অশ্ৰুৰ নৈখনে তাইৰ উদং ডিঙি আৰু আবৃত বুকু তিয়াই পেলাইছিল ঠিক সেই সময়তে অভিষেকৰ নিঃশ্বাসৰ শব্দ তাইৰ কাষৰ পৰা আঁতৰি গৈছিল। কেনভাছখনৰ ওচৰলৈ গৈ শিল্পীয়ে তেওঁৰ সৃষ্টিৰ ফালে প্ৰেম, আকুলতা আৰু অহংকাৰেৰে লক্ষ্য কৰিলে। তাৰপাছত, তাইৰ চকুৱেদি বৈ অহা অশ্ৰুৰ নৈখনলৈ চাই কোমল অথচ দৃঢ় কণ্ঠেৰে শিল্পীয়ে ক'লে, ‘নাকান্দিবা নিশিগন্ধা। এইখন ছবিৰ বাবদ মই তোমাক অন্য মডেলতকৈ ব….হু...ত বেছি টকা দিম।’

 ...আৰু শুনা, উপযুক্ত মাননিৰ বিনিময়ত মই এদিন তোমাৰ সম্পূৰ্ণ নিৰাভৰণ শৰীৰৰ এখন ছবি আঁকিবলৈ বিচাৰিলে তুমি মান্তি হ’বানে?” ❐ ❐

সম্ভৱতঃ ● ২৬