পৃষ্ঠা:সম্ভৱতঃ.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰি তুলিলে। তাইৰ শৰীৰত, ওঁঠত অতিক্ৰম কৰিব নোৱাৰা এক ভীষণ যন্ত্ৰণাদায়ক মৌনতা বিয়পি পৰিল। কেৱল তাই অনুভৱ কৰি থাকিল এনে ধৰণৰ এক আকুল তিৰবিৰণিয়ে বহুত দিনৰ মূৰত তাইৰ সন্মুখত আধা আলো আধা ছায়াৰ মাজত দেখা দিছে। কি স’তে তাই মৰনৈৰ দৰে নিস্তেজ হ’বলৈ দিব এই তিৰবিৰণিক। তাইক যে ইয়াৰ চেকুৰাবোৰ লাগে। অলপ সময়ৰ বাবে হলেও তাই মন আৰু শৰীৰৰ শূন্য কৰণিত ইহঁতক হেঁপাহ পলুৱাই সুমুৱাই ল’বলৈ বিচাৰিছে।

 শিল্পীয়ে নিঃসংকোচ হাতেৰে খহাই পেলালে তাইৰ আকাশৰঙী শাৰীৰ আচল। ব্লাউজৰ বুটাম খুলি দি বক্ষবন্ধনীও অভ্যস্ত দুহাতেৰে তেওঁ নিশিগন্ধাৰ শৰীৰৰ পৰা আঁতৰাই পেলালে।... এসময়ত খিৰিকীৰ ফ্ৰেমত ফিক্সিড্ হৈ ৰ'ল নিশিগন্ধাৰ ঈযৎ কম্পিত দেহৰেখা। ঢৌ খেলোৱা চুলি আৰু নিৰাভৰণ বক্ষৰ উত্তুংগ শিখৰৰ মাজৰ তুষাৰ শুভ্ৰ অৱবাহিকাৰে তাই যেন গ্ৰীক ঐতিহ্যৰ এক সুকুমাৰ স্থাপত্য।

 শিল্পীৰ তুলিকা বাঙ্ময় হৈ উঠিছে। একান্ত মনেৰে ৰং আৰু তুলিকাৰ লগত ব্যস্ত হৈ পৰা অভিষেকে নিশিগন্ধাৰ সুস্থিৰ শৰীৰৰ বাহ্যিক অৱয়বৰ ভিতৰত উত্তাল হৈ উঠা ধুমুহাজাকৰ সামান্য উমানো নাপালে।

 ‘আঃ কি মৰ্মভেদী নম্ৰতা লুকাই আছে তোমাৰ অনাবৃত বক্ষত!... বুকুৰ সৌন্দৰ্য মই ঠিক তোমাৰ দৰে হোৱাটো বিচাৰোঁ। নম্ৰ, কিঞ্চিত অৱনত স্তনবৃত্ত। মাজৰ অৱবাহিকাত এই সাৰ পাই উঠো এই সাৰ পাই উঠো এক কৰুণ দোকমোকালি...! কোনো নাৰীৰ উদ্ধত অনমনীয় বুকুৱে মোক আকৰ্ষণ নকৰে।’ উচ্ছাসিত শিল্পীৰ অৰ্ধস্ফুটঃ শব্দৰ টুকুৰাবোৰ কোঠাটোত ঘূৰি ফুৰিছে। মাজে মাজে তাইৰ কৰ্ণ কুহৰ আৰু শৰীৰত ঠেকা খাই খাই টুকুৰা-টুকুৰকৈ শব্দবোৰ ভাগিছে। ক্ৰমশঃএক অসহনীয় যন্ত্ৰণাই ভয়ঙ্কৰভাৱে নিশিগন্ধাক লেহন কৰিবলৈ আৰম্ভ কৰিলে। তাইৰ অনাবৃত শৰীৰৰ বিষাদ ফুলবোৰে সামান্য সুখ-স্পৰ্শৰ বাবে আটাহ পাৰিবলৈ ধৰিলে। প্ৰীতমৰ মৃত্যুৰ পাছৰে পৰা এবাৰৰ বাবেও কাৰোবাৰ আকুল স্পৰ্শই তাইৰ মন শৰীৰৰ পৰা দুখ আৰু স্মৃতিৰ চেকুৰা মচি নিয়া নাই। দীৰ্ঘদিনীয়া তাইৰ অনাঘ্ৰাত অ-স্পৰ্শিত শৰীৰত অভিষেকৰ দৃষ্টিৰ তিৰবিৰণিয়ে তাই চিৰদিনৰ বাবে শুই পৰা বুলি ভবা একধৰণৰ আদিম ব্যাকুলতাৰ সৃষ্টি কৰিলে। ইয়াৰ ভৰ সহিব নোৱাৰি তাইৰ অশ্ৰু নিগৰি আহিল।

 আনহাতে, শিল্পীৰ সৌন্দৰ্য পিপাসা যেন শেষেই নহ'ব। অঁকাৰ মাজে মাজে তেওঁ বিৰবিৰাই নিশিগন্ধাৰ নিৰাভৰণ শৰীৰৰ প্ৰশংসা কৰি থাকিল। ৰং-ব্ৰাছ-কেনভাছৰ লগত বিভোৰ হৈ থকা তৰুণ শিল্পীকো এই সময়ত এক সুখী শিল্প যেনেই ভাব হ’ল তাইৰ। এক অদ্ভুত মোহ তাই অনুভৱ কৰিলে অভিষেকলৈ, সিহঁতক স্পৰ্শ কৰি থকা সেই সময়খিনিলৈ।

 কিমান সময় পাৰ হৈ গ'ল, শিল্পীৰ কেনভাছ কিমান ভৰি উঠিল, দুটা চকুৰ কিমান তিৰবিৰণিয়ে তাইৰ শৰীৰত খুন্দা খালে একোৰে হিচাপ ৰাখিব নোৱাৰিলে নিশিগন্ধাই। তাইৰ ভাব হ’ল অনন্ত কাল জুৰি স্থানু হৈ তাই ৰৈ আছে। কোনোবাই আহি হাতৰ মায়াবী স্পৰ্শেৰে তাইক জোকাৰি নিদিয়ালৈকে শৰীৰৰ অভ্যন্তৰত উত্তলা ধুমুহা এজাক লৈ তাই স্থানু হৈয়েই থাকিব লাগিব।

সম্ভৱতঃ ● ২৫