পৃষ্ঠা:সম্ভৱতঃ.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দৰে শূন্যতাৰ দেৱাল বগাই থাকে।

 এনেদৰে শূন্যতাৰ দেৱাল বগাই বগাই অতীত আৰু বৰ্তমানৰ মাজত কোনো ধৰণে সূক্ষ্ম সম্পৰ্ক এটা স্থাপন কৰিব নোৱাৰি এটা ৰাতি নিশিগন্ধাই উজাগৰে কটালে। পুৱতি নিশা খোলা খিলিকীৰ গ্ৰীলত ভেজা দি আলো-ছায়াৰ মাজেৰে আকাশলৈ চাওঁতে পৃথিৱীৰ এটা পুৰণি চিনাকি গোন্ধ তাইৰ নাকত লাগিল। এই গোন্ধটোৰ সৈতে মিহলি হৈ থাকিল চৰাইৰ কুজন আৰু বুকুৰ একোণত শুই থকা এটা বিষ...। আগদিনা ৰবীন্দ্ৰ ভৱনৰ এক ধ্ৰুপদী নৃত্য অনুষ্ঠানৰ পৰা অভিষেকৰ সৈতে তাই অটোৰে উভতি আহিছিল। তাইৰ নিচেই কাষতে তাইৰ সেই আপোন, হেৰাই যোৱা চকুৰ তিৰবিৰনি। কেনোবা এটা সময়ত তাই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হ'ল৷ ‘জানেনে— আপোনাৰ চকুৰ তিৰবিৰনিখিনি প্ৰীতমৰ লগত হুবহু একে।’ যন্ত্ৰণাত তাইৰ মাতটো কঁপিছিল। ক’ব নোৱাৰাকৈয়ে সেই তিৰবিৰণিত বুৰ গৈ থাকি তাই অভিষেকৰ হাতখন স্পৰ্শ কৰিলে। লগে লগে ভায়’লিনৰ সুৰৰ দৰে এক কৰুণ মূৰ্চ্চণা তাইৰ বুকুলৈ উটি আহিল। তাইৰ হাতখন ধৰি থাকিয়েই অভিষেকে ক’লে, ‘তুমি একো হেৰুওৱা নাই। চাবা—তুমি সকলো পাবা।’ এতিয়া খিৰিকীৰ গ্ৰীলত ভেজা দি ক্ৰমশঃ উজ্জ্বল হৈ অহা আকাশ, পৃথিৱী প্ৰত্যক্ষ কৰোঁতে বাৰে বাৰে তাইক জোকাৰি আছে সেই বাক্যাংশই— ‘তুমি সকলো পাবা, সকলো পাবা।’ নিশিগন্ধাই অনুভৱ কৰিছে ভায়’লিনৰ সেই কৰুণ কঁপনিটো এতিয়া তাইৰ উশাহত মিলি পৰিছে ক্ৰমশঃ। সেইদিনা আবেলি অভিষেকৰ ফোন আহিছিল— ‘নিশিগন্ধা, তোমাৰ ছবি এখন আঁকিম বুলি কৈছিলো যে— কাইলৈ তুমি মোৰ ঘৰলৈ আহিব পাৰিবানে? দিল্লীত হ’বলগীয়া মোৰ একক প্ৰদৰ্শনীখনৰ বাবে মই বিশেষ ধৰণৰ ছবি এখনৰ পৰিকল্পনা কৰিছো। তুমি মডেল হ’ব লাগিব। ...দুপৰীয়া আহিবা। মই বাট চাম। হেল্ল’... আহিবাতো? হেল্ল—',

***

 খিৰিকীৰে ৰ’দবোৰ চিটিকি আহি তাইৰ মুখত পৰিছেহি। ঈষৎ এন্ধাৰ কোঠাটোৰ একোণত ব্ৰাছ আৰু কেনভাছৰ সৈতে বিভোৰ হৈ পৰিছে শিল্পী। নিশিগন্ধাৰ দৃষ্টি স্থিৰ হৈ আছে খিৰিকীৰ বাহিৰৰ মৃদু বতাহে কোবাই থকা শিৰিষৰ পাতবোৰত...। এবাৰ শিল্পী উঠি আহিল। তাইৰ মুখখন সামান্য ওপৰলৈ তুলি দি পুনৰ নিজৰ ঠাইলৈ উভতি আহি তেওঁ ব্ৰাছ হাতত তুলি ল’লে। কেনভাছত ৰং বোলাবলৈ লৈ হঠাতে তেওঁ ৰৈ গ’ল। পলক নেপেলোৱাকৈ কিছু সময় তাইৰ ফালে চাই থাকি তেওঁ বিৰবিৰাই উঠিল, ‘তোমাৰ সমগ্ৰ শৰীৰতে লহপহকৈ বিষাদৰ ফুল ফুলিছে নিশিগন্ধা। বক্ষ উন্মুক্ত কৰি দিয়া। আঃ এই সোণালী ৰ'দ আৰু তোমাৰ তামবৰণীয়া শৰীৰৰ ভাঁজে ভাঁজে ফুলি থকা বিষাদ ফুল! মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি হ’ব এইখন।’

 নিশিগন্ধাই শিল্পীৰ মুখলৈ চালে। প্ৰশস্ত পথাৰৰ পৰিধিৰে দৃশ্যমান হোৱা সুদূৰৰ নীলিম পাহাৰত ডাৱৰে ঠেকা খোৱা চাই চাই উৎফুল্ল হৈ উঠা শিশুৰ দৰে এক নিষ্পাপ কৌতুহলী তিৰবিৰনি তেওঁৰ চকুত। সন্মোহিতৰ দৰে তাই এখোজ আগবাঢ়িব খুজিলে। ‘ওহোঁ, তুমি তেনেদৰেই থাকা। চকুৰ ভাষা সলনি হ’বলৈ নিদিবা।’ প্ৰীতমৰ দৰে লগা চকুৰ তিৰবিৰনিখিনি

তাইৰ ফালে আগবাঢ়ি আহিল। লগে লগে নিৰ্জনতাৰ এক প্ৰচণ্ড ঢৌৱে তাই চৌপাশ নিজান

সম্ভৱতঃ ● ২৪