পৃষ্ঠা:সম্ভৱতঃ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰোঁ।’ শিল্পী তাইৰ ফালে ঘূৰিল।

 ‘অহঃ আপোনাৰ ছবি মই চাইছোঁ আৰ্ট গেলেৰী আৰু কলাক্ষেত্ৰত। আপোনাৰ নামটো বহুদিনৰ পৰা শুনি আছো।’ এইবাৰ সঁচাকৈয়ে উৎফুল্লিত হ’ল নিশিগন্ধা। চিত্ৰকলাৰ অকুণ্ঠ অনুগামী আছিল প্ৰীতম। প্ৰীতমৰ ছাঁৰ দৰে থকা নিশিগন্ধাও পাছলৈ চিত্ৰ অনুৰাগী হৈ উঠিছিল। সেইদিনা টিলাটোৰ একা-বেঁকা বাটেৰে সৰা শুকান পাতবোৰ গচকি গচকি অভিষেকৰ লগত তাই নামি আহিছিল।

 ‘যাওঁ, পুনৰ লগ পাম।’

 শিলপুখুৰীৰ পাৰৰ তাইৰ ঘৰটোলৈকে আগবঢ়াই দি শিল্পীয়ে কৈছিল। নিয়ন লাইটৰ পোহৰ পৰি জিলিকি থকা শিল্পীৰ মুখলৈ চাই ‘নিশ্চয়’ বুলি ক’ব খোজোতে নিশিগন্ধাই হঠাতে লক্ষ্য কৰিছিল তেওঁৰ দুচকুৰ তিৰবিৰণিৰ লগত প্ৰীতমৰ চকুৰ পোহৰৰ বহুত সাদৃশ্য আছে— উজ্জ্বল অথচ শান্ত আৰু বিচ্ছিন্ন।

 তাৰ পাছত কেইবাবাৰো নিশিগন্ধাই অভিষেকক লগ পাইছে। ৰবীন্দ্ৰ ভৱনৰ অনুষ্ঠান, লুইতৰ বুকুৰ ৰেষ্টোঁৰা, কলাক্ষেত্ৰ আৰু বহু ঠাইত অভিষেকৰ লগত অতিক্ৰম কৰি আহিছে ভাল লগা সময়। এদিন হঠাতে ৰেষ্টুৰেণ্টত ধোৱাই থকা কফিৰ কাপ সন্মুখত লৈ অভিষেকে তাইক ক’লে, ‘জানানে নিশিগন্ধা, তোমাৰ চুলি আৰু কণ্ঠত মেঘমল্লাৰৰ গোন্ধ থাকে। আৰু... তোমাৰ দৃষ্টিত ওলমি থাকে অহৰহ এটা উদাস বেলি—।’ দৃষ্টিৰ উদাস বেলিটোৰ আঁৰৰ কথাখিনি সেইদিনা ক'ম বুলি ভাবিও তাই অভিষেকক নক’লে। কাৰো একো হানি নোহোৱাকৈ তাইৰ পদূলিত এতিয়া স্থবিৰ হৈ ৰৈ থকা সময়ৰ সুঁতিটো অভিষেকৰ অনুৰাগৰ উত্তাপত হয় যদি হওঁক প্ৰৱাহমান। তাইতো জানে তাইৰ বুকুত অতীত গোট মাৰি বৰফ হৈ আছে। সময়ৰ এই বৰফস্তূপ অতিক্ৰম কৰি তাইতো এখোজো লৰ-চৰ কৰিব নোৱাৰে। এই প্ৰৱাহে তাইৰ জীৱনক ক্ষণিকৰ বাবে তুষ্ট কৰি গ’লেও তাইতো উটি নাযায়!

 সেই যে প্ৰীতম নামৰ ৰঙীয়াল চঞ্চল ল’ৰাটো—গান গাই, নাটক কৰি ঘূৰি ফুৰা অঞ্চলটোৰ অতি মেধাবী বুলি পৰিচিত ল’ৰাটো একেলগে সুখ-দুখ বোটলাৰ প্ৰতিশ্ৰুতি দি এদিন ‘ডেডবডি’ হৈ পৰি থাকিল আৰু তাইৰ পখিলাৰ দৰে ৰঙীণ সময়বোৰ ‘ডেডবডি’টো ঢাকি দিয়া শুধ বগা কাপোৰখনত পৰিণত হ’ল, —তেতিয়াৰে পৰা তাইৰ বুকুত সময়বোৰ গোট মাৰি বৰফ হৈ আছে। ক্ষণিকৰ বাবে দুচকুত ৰং বোলাবলৈ অহা কোনো প্ৰেম প্ৰাৰ্থী বা সুহৃদে কেতিয়াও এই বৰফত দাগ কাটিব পৰা নাই। কিন্তু চকুত ঠিক প্ৰীতমৰ দৰে এক আশ্চৰ্য তিৰবিৰণি কঢ়িয়াই ফুৰা অভিষেকে যেন কেনেবাকৈ তাইৰ বুকুৰ পদুলিত ভৰি দিছেহি।

 প্ৰৱাহিত হ’ব খুজিও পৰুৱাই পোৱাৰ দৰে সময় ৰৈ যায়। তাইৰ জলপ্ৰপাতৰ দৰে ঢৌ খেলা চুলিৰ ভাঁজত সাৰ পাব ধৰিও সাৰ পাই নুঠে প্ৰীতম প্ৰীতম আলফুল স্বপ্ন।

 ‘তুমি মোক একো কোৱা নাছিলা। ময়ো নীৰৱে আছিলো। এই শেষ হ’ব নোখোজা নীৰৱতাৰ ফাঁকেৰে কেনেদৰে তোমাৰ চুলি এডাল বতাহে উৰুৱাই আনি মোৰ চোলাৰ ঠিক কলিজাৰ ওপৰতে পেলাই দিছিল আৰু এক মসৃণ চিনাকি গোন্ধত মই ডুব গৈছিলো!’ অভিষেকে কৈ যায়। তাই ঠিক পখিলা এটা হ’ব খুজিও হ’ব নোৱাৰে। অসহায় পলু এটাৰ

সম্ভৱতঃ ● ২৩