অপ্ৰেম
ৰঙামাটিৰ বালিচহীয়া ৰাস্তাটোৰ ঠিক যিখিনি ঠাইত দুবছৰৰ আগতে প্ৰীতমৰ খণ্ডিত দেহ-ৰেখা তেজৰ ডোঙাৰ মাজত পৰি আছিল, তাৰপৰা ঠিক দহ গজমান বাওঁফালে লঠঙা ডালত দো খাই খাই শিমলু ফুলি থকা ঠাইখিনিতে কেনভাছ আৰু তুলিকাৰ লগত ব্যস্ত হৈ থকা শিল্পীজনক প্ৰথম দেখিছিল তাই। সেইদিনা তাই ক’লা, ভৰিলৈকে ঢাক খোৱা ছাটিনৰ পোছাক এযোৰ পিন্ধিছিল। কান্দোনৰ গহীন আৰু জয়াল সুৰ এটা টিলাটোৰ সেই নিজান বতাহজাকত পাকঘুৰণি খাই খাই ঘূৰি ফুৰিছিল। বতাহৰ সেই পকনিয়াটোৱে তাইৰ উন্মুক্ত চুলিৰ মাজত মাজে মাজে জিৰণি ল’ব বিচাৰিছিল।
ক্ৰমশঃ ডুবিব ধৰিছিল বেলিটো। অস্তাচলৰ ঈষৎ ৰঙচুৱা আৰু কমলাবুলীয়া আভা ক'লাৰ মাজত জিলিকি থকা তাই শুভ্ৰ, কৰুণ মুখখনত প্ৰতিবিম্বিত হৈ এনে কিছুমান ৰেখাচিত্ৰৰ সৃষ্টি কৰিছিল যে ভাব হৈছিল তাই পৃথিৱীৰ বাহিৰৰ কোনো কল্পলোকৰ বাসিন্দা। সেইদিনা প্ৰীতমৰ মৃত্যু তিথি আছিল। দিনটোৰ সমস্ত সময়খিনি তাই পাৰ কৰিছিল প্ৰীতমৰ স্মৃতি বিজড়িত দুখ আৰু আহ্লাদৰ সৈতে।
তাইৰ মসৃণ, নিৰুদ্বেগ খোজবোৰ টিলাটোৰ ৰঙা বালিচহীয়া মাটিৰ ওপৰেৰে ঘূৰি ঘূৰি এঠাইত স্থিৰ হৈ ৰৈ গ’ল। সন্মুখত তুলিকা লৈ আত্মবিভোৰ সেই তৰুণ শিল্পী। স্বপ্নাবিষ্ট মানুহৰ দৰে তুলিকাৰে ৰং বুলাই গৈছে কেনভাছত। মূৰটো সামান্য বেঁকা কৰি ডিঙি মেলি তাই কেনভাছলৈ চালে। তেজ আৰু বেলিৰ ৰং একাকাৰ হৈ যোৱা আকাশৰ তলত কেইযোৰমান ত্ৰষ্ট চকু আৰু হালধীয়া পাতৰ সৈতে উৱলিব ধৰা এজোপা গছ।
‘তোমাৰ নাম কি?’
গলগলীয়া মাতেৰে এবাৰো ঘূৰি নোচোৱাকৈয়ে সুধিলে শিল্পীয়ে। তাই সামান্য উচপ খাই উঠিল। তেওঁ যে তাইক দেখা পাব পাৰে এই কথা এবাৰৰ বাবেও তাইৰ মনলৈ অহা নাছিল।
‘নি-নিশিগন্ধা’, কঁপা কঁপা মাতেৰে তাই উচ্চাৰণ কৰিলে।
‘মই অভিষেক। অভিষেক চক্ৰৱৰ্তী। আৰ্ট কলেজত কাম