পৃষ্ঠা:সম্ভৱতঃ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 হঠাতে দপকৈ লাইটবোৰ জ্বলি উঠিল। ষ্ট্ৰীট লাইটৰ পোহৰত তাই স্পষ্টকৈ দেখিলে পেটুৱা মিলিটেৰীজনৰ হাতত ধৰি জপিয়াই জপিয়াই গুড্ডী আহি আছে। তাইৰ গাত এটা নতুন চোলা। টেঁ টেকৈ কিবা কৈ আহিছে তাই। স্ফুৰ্তিত ছোৱালীজনীৰ মুখখন জিলিকি উঠিছে।

 মাকক দেখি তাই একে দৌৰে মাকৰ ওচৰ পালেহি। টেঁ টেকৈ কিবা এটা ক’বলৈ যত্ন কৰা ছোৱালীজনী বগীয়ে বুকুৰ কাষ চপাই ললে।

 সিহঁতৰ ওচৰত থিয় হৈ গুড্ডীৰ লগত অহা পেটুৱা মানুহজনে ধুনীয়া হাঁহি এটা মাৰি কোৱা কথাখিনিয়ে বগীৰ মনটোও ষ্ট্ৰীট লাইটত উজলি উঠা গলিটোৰ দৰে পোহৰাই পেলালে। মানুহজনে হিন্দীতে কোৱা কথাখিনি তাই ঠিকেই বুজি পাইছিল – ‘বাইদেউ, বেয়া নাপাব। আপোনাক নোসোধাকৈয়ে ছোৱালীজনীক দোকানলৈ লৈ গ’লো। তাইৰ ফ্ৰকটো চুটি আৰু পুৰণা হৈ গৈছিল। মোৰ ঘৰতো সাইলাখ এইৰ দৰে এজনী ছোৱালী আছে। মোৰ

আটাইতকৈ সৰু ছোৱালী। এইক দেখিলেই তাইলৈ মনত পৰে ...।’❑ ❑

সম্ভৱতঃ ● ২১