পৃষ্ঠা:সম্ভৱতঃ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাই নাথাকিব! আৰু মামু ... সি নিজেই অটো কিনিব। অটো চলাব।

 সন্ধ্যা ঘৰলৈ উভতি আহি বগীয়ে ল’ৰা-ছোৱালীহালৰ বাবে মটৰৰ ঘুগনি আৰু মাংস ৰান্ধিব। মিন্নিৰ নতুন ঘৰটোত থকাৰ দৰে এটা ডাঙৰ ৰঙীণ টিভি থাকিব সিহঁতৰ। এটা গান শুনা যন্ত্ৰ। ... আৰু পাকঘৰত ... শাৰী শাৰীকৈ সজোৱা টেমাত ভৰি থাকিব দাইল, চাউল, চেনী বাতৰ বিষৰ যন্ত্ৰণাৰ ওপৰত সপোনটোৱে এটা মমতাৰ লেপন দিছিল। বগীয়ে গমেই পোৱা নাছিল পেটুৱা মিলিটেৰীজনৰ লগত গুড্ডী গলিটো পাৰ হৈ চহৰৰ ফালে গুচি গৈছে। তাই এই সপোনটোৰ আগৰ কথাখিনি চেতনাৰ ভিতৰলৈ টানি আনিলে। ... ৰং- বিৰঙৰ এগাল গাড়ী সিহঁতৰ ঘৰলৈ আহিছে ... বহুত মানুহ..... কাৰোবাৰ কেমেৰাৰ ফ্লাচ জ্বলিছে ... কোনোবাই তাইক কিবা সুধিছে ... বাতৰি কাকতৰ বাবে ফটো ল’বলৈ দীপা আৰু মামুক তাইৰ কাষত কোনোবাই থিয় কৰাই দিছেহি ...

 হাই-উৰুমিৰ মাজত তাইৰ চকু ভৰি আহিছে ... ধুনীয়া মুখৰ আঁকৰী ছোৱালীজনীলৈ মনত পেলাই তাই হুৰাওৰাৱে কান্দিছে ... ইয়াৰ আগত ... কি ঘটিব ইয়াৰ আগতে ... বগীৰ সপোনটো সমুখলৈ নহয় পিছলৈ দৌৰিছে এইবাৰ ...

 এন্ধাৰবোৰ থানবান কৰি এটা চিঞৰ গলিটোত ওপঙি ফুৰিছে। মানুহবোৰে তৰ্জাৰ বেৰৰ সৰু ঘৰ এটালৈ ঊৰ্ধ্বশ্বাসে দৌৰিছে। বুকুত কিবা এটা সাৱটি বলিয়াৰ দৰে ৰাউচি জুৰি মাটিত বাগৰি কান্দিছে মানুহ এজনীয়ে। বগীয়ে দেখিলে সেইখন তাইৰেই মুখ। মানুহবোৰে জোৰ কৰি তাইক বুকুত সাৱটি থকা দেহটোৰ পৰা আঁতৰাই নিছে। ... এটা কোমল শৰীৰ ... নখ আৰু দাঁতৰ আঁচোৰত বুকু, ওঁঠ বিদীৰ্ণ। গাল, ডিঙি, তলপেটত কেঁচা তেজৰ চেকুঁৰা ... শৰীৰৰ নিম্নাংগৰ পৰা জিৰ জিৰকৈ নিগৰিছে কেঁচা তেজ। ... আৰু ... আৰু এই চিনাকি যেন লগা মৃতদেহটো ... আ! এইখন দেখোন গুড্ডীৰ মুখ! ৰফিকৰ দৰে চেহেৰা পোৱা তাইৰ ধুনীয়া আঁকৰী ছোৱালীজনী ...!

 ধমহকৈ বগীৰ সপোনৰ বেলুনটো ফুটি থাকিল। বাহিৰত এন্ধাৰ। সম্ভৱতঃ লোডশ্বেডিং।

 দোকানৰ পৰা পোহৰৰ সামান্য ৰেঙণি কেঁকুৰিটোত পৰিছেহি। তাত গুড্ডী নাই, তাইক টফী দিয়া পেটুৱা মিলিটেৰীজনো নাই৷ অস্পষ্টকৈ বগীৰ মনত পৰিল — সপোনত ডুবি থকা তাইৰ চকুহালৰ সমুখেদিয়েই গলিটো পাৰ হৈ মানুহজনৰ লগত গুচি গৈছিল গুড্ডী। এইবাৰ আৰু তাইক বাতবিষে বিছনাত বান্ধি ৰাখিব নোৱাৰিলে। খৰকৈ লেকেচিয়াই লেকেচিয়াই তাই বাহিৰলৈ ওলাই আহিল। দীপা আৰু মামু উভতি অহা নাই। বগীৰ বুকুখন ভয়ত গোট মাৰিবলৈ ধৰিছে। তাই লেকেচিয়াই লেকেচিয়াই প্ৰায় দৌৰিবলৈ ধৰিছে।‘গুড্ডীক দেখিছিলিনে? গুড্ডীক?’ সমুখত যাকে পাই তাকে সুধিছে তাই। নাই। কোনেও গুড্ডীক দেখা নাই।

 গলিৰ প্ৰতিটো ঘৰতে খবৰ ল’লে বগীয়ে। নাই। গুড্ডী নাই। কি কৰিব এতিয়া তাই! মামু বা দীপা কোনোবা এটা অহালৈ বাট চাই চোতালতে ধপকৈ বহি পৰিল বগী। আস! নিনাৰ সেই নিথৰ দেহটো! বাঘৰ দৰে কোনোবাই আঁচুৰি-বাকুহি পেলোৱা তাইৰ কোমল বুকুখন ...!

 বগীয়ে কান্দিবলৈ ধৰিলে। নাই তাই বাট চাব নোৱাৰে। তাইৰ আঁকৰী ছোৱালীজনী ………!

বগীয়ে গলিটোৰে দৌৰিবলৈ ধৰিলে ...।

সম্ভৱতঃ ● ২০