পৃষ্ঠা:সম্ভৱতঃ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিদিলে।

 ন বছৰীয়া ল’ৰাটো আজিকালি দিনটো টলৌ-টলৌকৈ ঘূৰি ফুৰে। ৰাতি আহি মাকৰ হাতত কেতিয়াবা দুই/পাঁচ টকা তুলি দিয়ে। সি ক’লৈ যায়, পইচা ক’ৰ পৰা আহে সুধিবলৈ বগীৰ সাহ নহয়। আৰু চহৰখন ওপৰা উপৰিকৈ কেইবাটাও বোমা ফুটি বহুত মানুহ মৰিল চহৰখনত। এতিয়া যেনিয়ে চোৱা যায় পিন্‌ পিন্‌কৈ পহৰা দি থকা মিলিটেৰীবোৰহে চকুত পৰে। পুৱা ওলাই যোৱা ল’ৰা-ছোৱালী দুটাক বগীয়ে কয় — ‘ভালদৰে থাকিবি। এন্ধাৰ হোৱাৰ আগতেই ঘূৰি আহিবি।’

 ... দিনৰ দিনটো চোতালত মাৰ্বল খেলি থাকে গুড্ডীয়ে। কেতিয়াবা অলপ সময়ৰ বাবে ৰাস্তাত ৰয়। তাইৰ সম-বয়সীয়া কোনো ল’ৰা-ছোৱালী দিনটোত গলিত নাথাকে। কাম কৰিবলৈ চব ভাগে ভাগে ওলাই যায়। গুড্ডীয়ে মাজে মাজে টে টেকৈ চিঞৰি বিছনাত পৰি থক৷ মাকক খাবলৈ বিচাৰে। একো দিব নোৱাৰিলে হাতত যি পায় তাকে দলিয়াই ভাঙে। বিছনাত পৰি থাকি দুৱাৰ ফাঁকেৰে চোতালত খেলি থকা গুড্ডীলৈ চাই আছিল বগীয়ে। চাৰে ছবছৰীয়া ছোৱালী জনীৰ গাটো মলিয়ন, ফটা চোলাটোৱে ভালদৰে ঢাকিব পৰা নাই। বগীৰ বুকুখন ধহমহাই উঠিল কি হ’ব এই ছোৱালীজনীৰ তাই মৰাৰ পাছত! নিজে একো এট৷ কৰিব নোৱাৰিলে জীৱনভৰ কোনে খুৱাই থাকিব তাইক!

 আস! যদি এই ছোৱালীজনীৰ জন্মই নহ'লহেঁতেন! ঠিক এই ভাবটো মনলৈ আহোতেই বগীয়ে দেখিলে পেটুৱা, ডাঙৰ মোছ থকা মিলিটেৰীজনে গুড্ডীক হাত বাউল দি ওচৰলৈ মাতিছে। বগীয়ে প্ৰায় পাঁচদিনমানৰ পৰা লক্ষ্য কৰিছে – সিহঁতৰ ঘৰৰ সমুখৰ কেঁকুৰিটোৰ দোকানকেইখনৰ ওচৰত ৰৈ পহৰা দিয়া মিলিটেৰীৰ সাজ পিন্ধা পেটুৱা মানুহটোৱে গুড্ডীক বৰকৈ লক্ষ্য কৰি থাকে। কেতিয়াবা ওচৰলৈ মাতি নি টফী বা বা বিস্কুট কিনি দিয়ে।

 আজিও মানুজনে দিয়া টফীটো হাতত লৈ আঁকৰী ছোৱালীজনীয়ে কিৰিলিয়াই উঠিল। ধুনীয়া মুখনত বিচিত্ৰ ভংগী এটা কৰি ঢেঁ ঢেঁকৈ আঙুলি জোকাৰি তাই সম্ভৱতঃ মানুহজনক ধন্যবাদ জনালে।

 বগীৰ গাটো সিৰ-সিৰাই উঠিল। ইঃ কেনেদৰে মানুহটোৱে ছোৱালীজনীৰ গাটোলৈ ট টকৈ চাইছে! তাইৰ এনে লাগিল যেন এতিয়াই গৈ মানুহটোক টানকৈ কথা এষাৰ শুনাই ছোৱালীজনীক হাতত ধৰি টানি ভিতৰলৈ লৈ আনিব। বগী চুচৰি উঠিব খুজিছিল। কিন্তু, মূৰ ঘূৰাই পুনৰ বিছনাত পৰি গ’ল। ... আৰু আচৰিত ... তাইৰ ক্লান্ত, মেলা চকুহাললৈ দিন দুপৰতে এটা সপোন বাগৰি আহিল – তাইৰ মনৰ অবচেতনত শুই থকা সপোন, নে কল্পনা অভাৱ আৰু দাৰিদ্ৰই পিষ্ট কৰা তাইৰ ইচ্ছাৰ অভ্যন্তৰত তাই নিজেও নজনাকৈ শুই থকা সপোনেইনে এইটো ...! তাইৰ অগোচৰে মাতৃত্বৰ মমতাতকৈ জীৱন ডাঙৰ হৈ উঠোতে তাইৰ ভাবনাক মথি মথি তাই ক’ব নোৱাৰাকৈ গা-ভাৰী হৈ উঠা এটা সপোন ...

 মিন্নিৰ দৰে এখন টেইলৰ্চৰ কেচ বক্সত বহি তাই টকা গণিছে। শুকান-উবান ফলা খৰি হেন শৰীৰটো তাইৰ নিটোল হৈ আহিছে। তাই ডাঠ গুলপীয়া ৰঙৰ (ৰফিকে এইটো ৰং বৰ ভাল পাইছিল) এখন শাৰী পিন্ধিছে। ভৰিত ধুনীয়া চেণ্ডেল। ডিঙিত মণি, ওঁঠত লিপষ্টিক। ক'ৰবাত এমব্ৰইড্ৰেৰী শিকি দীপা ঘৰলৈ উলটি আহিব। তাই ধুনীয়াকৈ চেলোৱাৰ পিন্ধিব।

কোনোবা ডাক্তৰৰ পুতেকে বুকুত খামুচি ধৰাৰ ভয়টো আৰু এইজনী দীপাৰ চকুত লিপিত

সম্ভৱতঃ ● ১৯