পৃষ্ঠা:সম্ভৱতঃ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নিচিনা মানুহৰ সৰু ছোৱালী মাৰি পেলায়, সিহঁতৰ হৈ যুঁজিবলৈ বহু ডাঙৰ মানুহ ওলাই আহিব। থানা ঘেৰাও হ'ব, শোভাযাত্ৰা হ’ব ... মুঠতে দোষীৰ শাস্তি হ’বই। ... আৰু মৰা ছোৱালীজনীৰ পৰিয়ালে বহু টকা পাব।

 কেঁকুৰী এটা ঘুৰাৰ পাছতে ঠেক গলি এটায়েদি বগী সোমাই গ’ল। নিনাৰ মৃত্যুৰ পাছৰ পৰা এই ঠাইখিনিত ৰাস্তাৰ ওপৰত লাইট হ’ল। দূৰৰ পৰাই তাই দেখিলে ডাঙৰ দুটা ল’ৰা- ছোৱালী মামু আৰু দীপাই ঘৰৰ সমুখৰ মুকলি ঠাইকণতে ভঙা কেৰাহীৰ ওপৰত সজা চৌকাটোত ফটা কাগজেৰে জুই জ্বলাই আছে। বগী আহি সিহঁতৰ ওচৰতে বহিল।

 দীপাই পানী এগিলাছ আৰু মেৰী বিস্কুট দুখন মাকৰ হাতত তুলি দিলেহি।

 ‘বিস্কুট ক’ত পালি?’ অলপ সন্দেহ আৰু উষ্মাৰে সুধিলে বগীয়ে। কিন্তু ভয়তে তলমূৰ কৰা ল’ৰা-ছোৱালীহালৰ শুকান মুখকেইখন চাই তাই কথাটো অধিক বঢ়াবলৈ ইচ্ছা নকৰিলে। তাই সিহঁতক চিঙৰাকেইটা উলিয়াই দিলে। ষ্ট্ৰিট লাইটৰ পোহৰৰ চমকাবোৰে সিহঁতৰ চোতালৰ এন্ধাৰখিনি সম্পূৰ্ণকৈ আঁতৰাব পৰা নাই। এন্ধাৰ আৰু পোহৰে কোলাকুলি কৰি থকা চোতালত বহি থাকোতে বগীৰ আন এখন চোতাললৈ মনত পৰে। সাৰি মচি নিকা কৰি থোৱা বহল এখন চোতাল। পদুলিত নঙলা, বাৰীত পকি থকা আম, কঠাল, জামু। তেনে এখন ভৰপুৰ গাঁও তাইৰ ল’ৰা-ছোৱালীকেইটাই হয়তো কেতিয়াও দেখিবলৈ নাপাব। দীপাই চচপেন এটাত চাউল অলপ উঠাই দিছিল। ক'ৰবাৰ পৰা গুড্ডী আহি কু-কুৱাই তাইৰ কোলাত সোমালহি। কাণেৰে নুশুনা, কথা ক’ব নোৱাৰা গুড্ডী বগীৰ আটাইতকৈ সৰু ছোৱালী। দেখাত দীপা আৰু মামুততৈ তাই বেছি ধুনীয়া। দীপাৰ হাতৰ পৰা চিঙৰাটো লৈ খাওঁতে গুড্ডীৰ মুখখন পোহৰ হৈ পৰিল। টে চেঁ শব্দ কৰি তাই মাক আৰু বায়েকক কিবা এটা বুজাব খুজিছিল।

 ৰফিকলৈ মনত পৰি পুনৰ চকু দুটা সেমেকি উঠিছিল বগীৰ। মানুহটো থকা হ’লে আজি! বক্‌বক্‌কৈ উতলিব ধৰা চাউল বঢ়োৱা পানীখিনিলৈ চাই থাকোতে তাইৰ চকুৰ পৰা এটোপাল চকুলো সৰি পৰিল।

+++

 চকুৰ পানীৰে গাৰুটো তিতি গ’ল বগীৰ। বাতবিষে কোঙা কৰি পেলোৱা শৰীৰটো লৈ সাতদিন বিছনাত পৰি আছে তাই। ডাক্তৰৰ ঘৰৰ কামখিনি দীপাই কৰিবলগীয়া হৈছে। এটা বছৰ যেন চকুৰ নিমিষতে পাৰ হৈ গ’ল। কিমান যে পৰিৱৰ্তন আহিল এই এটা বছৰত বগীৰ জীৱনলৈ, চহৰখনলৈ!

 গলিৰ লেতেৰা ধাণ্ডাবোৰৰ পৰা নিজে আঁতৰত থাকি জীয়েককো আঁতৰত ৰখা বগীয়ে দীপাক বুজাবলগীয়া হ’ল — ‘আমাৰ দৰে মানুহৰ জীৱন এনেকুৱাই ৷ এইবোৰলৈ ভয় কৰি কাম কৰি কামলৈ নগ’লে খাবি কি?’ ডাক্তৰৰ ঘৰত কাম কৰিবলৈ যোৱাৰ দুদিন পাছতে উভতি আহি মাকক সাবটি ধৰি খুব কান্দিছিল দীপাই। ডাক্তৰৰ হিপ্পী হেন চেহেৰাৰ পুতেকে বোলে চাহ দিবলৈ যাওঁতে তাইক ...! কামিজৰ বুকুৰ কাষৰ ফাটি যোৱা অংশটো উৰ্ণাৰে ঢাকি যেনেতেনে ঘৰ পালেহি তাই। কান্দি কাটি লেবেজান হোৱা ছোৱালীজনীক বুজালে বগীয়ে — ‘এইবোৰ ভাতৰ লগত পানী খোৱাৰ দৰে কথা .. ।’

 মিন্নিৰ ওচৰলৈ এশ টকা ধাৰ বিচাৰি যোৱা মামুক মিন্নিয়ে ভিতৰলৈকে সোমাবলৈ

সম্ভৱতঃ ● ১৮