পৃষ্ঠা:সম্ভৱতঃ.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আগতে মিন্নিৰ অৱস্থাও তাইৰ দৰেই আছিল। বেমাৰী ল’ৰা এটা আৰু পেটমোচা ছোৱালী এজনীৰ সৈতে এসাঁজ খালে এসাঁজলৈ চিন্তা কৰিবলগীয়া অৱস্থা। কিন্তু এটা বৰ দুখলগা আৰু ভয়ানক ঘটনাই মিন্নিৰ জীৱনটোৱেই সলনি কৰি পেলালে। তাইৰ এতিয়াৰ টকা- পইচা, ঘৰ, দোকান সকলো সেই সাংঘাটিক বেয়া ঘটনাটোৰে ‘ভাল’ পৰিণতি। ‘ভাল জানো’ —হঠাতে এটা ছিন্ন ভিন্ন ক্ষুদ্ৰ শৰীৰলৈ মনত পৰি বগী জিকাৰ খাই উঠিল। সেই বিশেষ ৰাতিটো—

 শীতৰ ৰাতি আছিল। জোনৰ শেঁতা পোহৰত বগীৰ চোতালতে বহি বহু পৰলৈকে কথা পাতি আছিল বগী আৰু মিন্নিয়ে। কেঁচা খৰিৰ জুইকুৰাৰ দুফালে এৰি অহা দিনবোৰ সুঁৱৰি ম্ৰিয়মান হৈ পৰিছিল সিহঁতৰ মুখ দুখন। এটা সময়ত অঙঠাৰ উত্তাপে শীতত গোট মাৰিব ধৰা সিহঁতৰ শৰীৰত উম দিব নোৱাৰা হ’ল। মানুহটো মৰি যোৱাৰ দুখ, বেমাৰী ল’ৰাটোক চিকিৎসা কৰাব নোৱাৰাৰ দুখ আৰু ছোৱালীজনীক ভালকৈ গা ঢাকিব পৰাকৈ কাপোৰ এসাজ দিব নোৱাৰাৰ দুখ – এই আটাইবোৰ দুখ সামৰি-সুতৰি জুইকুৰাৰ কাষৰ পৰা মিন্নি উঠি যোৱাৰ পাছতে ফটা-কঁথাৰ তলত গাটো সুমুৱাইছিলহে বগীয়ে — ৰাতিটো থান-বান কৰি মিন্নিয়ে ভয়ানকভাৱে বিনাবলৈ আৰম্ভ কৰিছিল। বুকু কঁপি যোৱা সেই বিননিত গলিটোৰ সৰু সৰু ঘৰবোৰৰ পৰা মানুহবোৰ ওলাই আহিছিল। দৌৰী গৈ বগীয়ে দেখিছিল সাতবছৰীয়া জীয়েকৰ তেজে তুমৰলি শৰীৰটো সাবটি বলিয়াৰ দৰে মাটিত বাগৰি কান্দিছে মিন্নিয়ে। মানুহবিলাকে জোৰ কৰি মিন্নিক আঁতৰাই দিছিল। নিনাৰ অপুৰঠ বুকু আৰু ওঁঠ দাঁত আৰু নখৰ আঁচোৰত ছিন্ন-ভিন্ন হৈ পৰিছিল। গাল আৰু শৰীৰৰ নিম্নাংগ ....! হোলোকা হোলোকে ওলোৱা নিজৰ শৰীৰৰে তেজৰ ডোঙাত যেন ডুবিবহে ধৰিছিল মৃত শৰীৰটো!

 খৰ-ধৰকৈ এন্ধাৰ বাটটোৰে গৈ থকা বগীয়ে অলপ ৰৈ দীঘলকৈ এটা হুমুনিয়াহ এৰিলে। মিন্নিয়ে কোৱা এষাৰ কথা মনত পৰিল তাইৰ। নিনা মৰাৰ আঠ মাহমানৰ পাছত ল’ৰাটোক হস্পিতালৰ পৰা ঘৰলৈ আনি শাৰীৰ আগেৰে চকু মোহাৰি মিন্নিয়ে কৈছিল – ‘তাই মৰি ল'ৰাটোক বচাই থৈ গ’ল। ডাক্তৰে কৈছে ত্ৰিশ হেজাৰ টকা দি অপাৰেচন নকৰা হ’লে ল’ৰাটো আৰু বেছিদিন নাবাচিলহেঁতেন!’ কিন্তু অকল ল’ৰাটোৱেই বাচিল নে!

 ঘটনাটোৰ পাছত বহুত মানুহেৰে গলিটো ভৰি পৰিছিল। সৰু সৰু, পুতলাৰ দৰে ধুনীয়া গাড়ীবোৰত উঠি ডাঙৰ ডাঙৰ মানুহবোৰ মিন্নিৰ ঘৰলৈ আহিছিল। মানুহবোৰে ন্যায়ৰ কথা কৈছিল, আইনৰ কথা কৈছিল। এদিন কঢ়া ইস্ত্ৰি কৰা কাপোৰ আৰু ছানগ্লাছ পিন্ধা কেইগৰাকীমান শকত-আৱত মানুহে ল’ৰাটোৰ সৈতে মিন্নিক আন এটা ঘৰলৈ লৈ গৈছিল। সিহঁতৰ গলিটোৰ পৰা অলপ আঁতৰত থকা ডাঙৰ ফ্লেট এটাৰ নাইট চকীদাৰজনকো পুলিচে ধৰি নিছিল। তাৰ পাছৰ গোটেইখিনি কথা বগীয়ে ভালদৰে নাজানে। নুবুজেও। ৰুগীয়া ল’ৰাটোৰ সৈতে মিন্নিৰ ফটো বাতৰি কাকতত ওলাইছিল, টিভিত ওলাইছিল। মহিলা সংগঠন আৰু কিবা মানৱাধিকাৰ আয়োগে বোলে মিন্নিৰ হৈ খুব যুঁজিলে। স্বয়ং মুখ্যমন্ত্ৰীয়ে আহি মিন্নিৰ লগত কথা পাতি গ’ল। ... আৰু নিনাৰ মৃত্যুৰ সাত মাহৰ পাছতে চৰকাৰ আৰু ফ্লেটৰ মালিকৰ পৰা মিন্নিয়ে মুঠ তিনিলাখ টকা পালে।

 ‘বুজিছ, আমাৰ নিচিনা সৰু মানুহৰ হৈ মাত মাতিবৰ বাবেও বহু ডাঙৰ মানুহ আছে।’

মিন্নিয়ে কৈছিল তাইক। বগীয়ে বুজিছিল— কোনোবাই যদি ইমান দুখ লগাকৈ সিহঁতৰ

সম্ভৱতঃ ● ১৭