পৃষ্ঠা:সমাজ-কথা.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


পদ্মফুলৰ পাত ওলাল আৰু তাৰ পাছতে এটি এটিকে দুটি পদ্মফুলৰ কলিয়ে দেখা দিলে। সন্ধ্যাৰ মিলমিলীয়া বতাহত কলি দুটিয়ে হালি জালি পৰিব ধৰিলে। পোহৰ আন্ধাৰত লীন গল—হৰি বাপুৱে নিজৰ গা টোকে নেদেখি এটা দীঘল হুমুনীয়াহ ছাৰি ঘৰলৈ উলাটিল।

 

ওঁ শান্তি শান্তি।