পৃষ্ঠা:সমাজ-কথা.djvu/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰকটকী কোম্পানীৰ প্ৰকাশিত


বৰকটকী কোম্পানীৰ প্ৰকাশিত

উৎকৃষ্ট পুথিবোৰ:-

ভুগোল পাঠ।

প্ৰথম ভাগ।
লিখক ⸺শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী বি, এ, বি, টি।

 অসমীয়া স্কুলৰ তৃতীয় আৰু চতুৰ্থ মানৰ আৰু ইংৰাজী স্কুলৰ তৃতীয় মানৰ নিমিত্তে লিখা। প্ৰতি জিলাৰ আৰু প্ৰদেশৰ ম্যাপ আৰু নানাবিধ মনোৰম চিত্ৰেৰে পুথিখন ভৰপূৰ। লৰাৰ লগত কথা কোৱাৰ ছলেৰে কিতাপখন লিখা হৈছে। লৰাৰ বুদ্ধি প্ৰখৰ কৰিবাৰ অৰ্থে মাজে মাজে কৌশল কৰি এনেধৰণে প্ৰশ্ন কৰি গৈছে যে লৰাই তাৰ উত্তৰ বিচাৰিবলৈ চেষ্টা নকৰি নোৱাৰে। বেচ ৷৷• অনা মাত্ৰ৷

(২)

আসাম বুৰঞ্জী পাঠ।

লিখক⸺শ্ৰীযুত হৰি নাৰায়ণ দত্ত বৰুৱা

 কথা কোৱাৰ ধৰণে লিখা সম্পূৰ্ণ আসাম দেশৰ ইতিবৃত্ত। ইয়াৰ এটা পাঠ পঢ়িলে পাছৰ পাঠটো পঢ়িবলৈ লৰাৰ স্বাভাৱিকে ইচ্ছা জন্মে৷ ভাষা বৰ কোমল। কেইবা খনো পুৰণি আসামৰ মেপ দিয়াত কথাবোৰ মনত ৰাখিবলৈ বিশেষ সুবিধা হৈছে। পুথি বছা সভাই এই পুথি মঞ্জুৰ কৰাৰ আগতেই বাহিৰাকৈ বহুত পুথি বিক্ৰী হৈছিল। দাম খনে