কোনোবা ফালৰপৰা আহি সেই খিনি পালে। হৰি বাপুৱে ভদ্ৰলোক
জনক কলে “চাওক, মই আকৌ মিছা কৈছিলোঁ বুলিছিল। এইৰ স্বভাৱ
ভাল হলে বালিকা স্কুল কামটোকেইতো দিব পাৰোঁ—মোৰ জঞ্জালো কমে
কথাতে আছে নহয়—“বোলে এঙাৰ হাজাৰ বাৰ ধুলেও বগা নহয়।”
কথা কেইষাৰ যে হীৰাকে লক্ষ কৰি কৈছে তেওঁ বুজিব পাৰিলে;
হীৰাই বৰ চেষ্টা কৰিও মাত মাতিব নোৱাৰি হৰিবাপুৰ ফালে মুখ
নুঘুৰালে। হৰি বাপুৱে ৰামোক কলে “তোক আৰু মই নাৰাখোঁ, তোৰ
স্বভাব বৰ বেয়া হৈছে।” এইবাৰ হীৰা ৰব নোৱাৰিলে; তেওঁ
ততালিকে হৰি বাপুৰ ফালে পাছ দিয়া অৱস্থাতেই থিয় হল; পাছত
নদীলৈ হাত জোৰ কৰি “মাই, তোমাৰ কথা ৰাখিব নোৱাৰিলোঁ—
ডেকালৈ আৰু বাট চাব নোৱাৰিলোঁ; ক্ষমা কৰিবা বুলি নৈত জাপ
দিলে। পাছে মুহূৰ্ত্ততে হৰি বাপুৰ লগৰপৰা ভদ্ৰলোকজন তৰ্কিব
নোৱৰাকে গৈ “হীৰা হীৰা’’ বুলি হীৰা পৰা ঠাইত ধুম কৰে পৰিল। হঠাৎ
এই ৰকম কাণ্ড ঘটা দেখি উৰীয়াই “মুক্তা বাবুভি ডুব গিয়া” বুলি
আতাহ পাৰি উঠিল, আৰু সিয়ো লগে লগে নৈত পৰি গল। হৰি
বাপুৱে কি কৰিব নকৰিব একো ঠিক কৰিব নোৱাৰি তাতে বহি
পৰিল।
লাহে লাহে বেলি পৰি আহিল—হৰি বাপুৰ চকু নৈৰপৰা নিফিৰিল! আন্ধাৰে পোহৰক সাৱটি ধৰিবলৈ হাত মেলাৰ লগে লগে
হৰি বাপুৱে দেখিলে—যি ঠাইত তিনিও পৰিছিল তাত পোনতে এটা