পৃষ্ঠা:সমাজ-কথা.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 আবেলি হীৰাই ছাইবোৰ নি নদীত পেলালে আৰু ঘৰৰ ভেটিটো মছিলে। গধুলি পৰত বহুতে হীৰাক বৰকৈ ধৰোতে তেওঁ কাৰো ঘৰলৈ নগল। ঘৰৰ ধাপৰ ওচৰতে এজোপা ডাঙৰ বেল আহিল, হীৰাই গা ধুই আহি তাৰে তলত বহিল। বালিকা স্কুলৰ সেই উৰীয়া চৌকিদাৰে হীৰাৰ এনে অৱস্থা দেখি তেওঁক ৰখিলেহি।

 হীৰাহঁতৰ জ্ঞাতিসকলে পাছ দিনা খবৰ পাই হীৰাৰ খবৰ লবলৈ আহিল। হীৰাক তেনে অৱস্থাত দেখি তেওঁলোকৰ বেজাৰ কুলায়- পাচিয়ে নধৰা হল— হীৰাক তেতিয়াই তেওঁলোকে নিবলৈ ধৰিলে, হীৰা যাবলৈ মান্তি নহল। জ্ঞাতিসকলে শেষত অইন উপায় নেদেখি, এটা জুপুৰি সজাই দিলে আৰু খোৱা বস্তু খুজি মেলি আনি দি গুচি গল।

 এদিন এদিনকৈ ন দিন হল, হীৰাই এটোপা পানীও ভিতৰ নকৰিলে জ্ঞাতিসকলে দি যোৱা য’ৰে বস্তু ত'তে পৰি থাকিল। হীৰাই কাকো নামাতে— বহুতে ভাবিলে হীৰা বলিয়া হব। উৰীয়াই হলে হীৰাক এৰা নাই—দিনৰ ভাগত ২৷৩ বাৰ খবৰতো কৰেই, নিশাও হীৰাৰ জুপুৰিৰ দাঁতিত পৰি থাকে। ৰামোৰ ইমান ভাব দেখি বহুতে বহুত কথা ভাবিব ধৰিলে। লাহে লাহে ভাববোৰ শব্দত পৰিণত হল—ই কাণ সি কাণকৈ সি গৈ হীৰাৰ কাণতো পৰিল। মাক মৰাৰ দহ দিনৰ দিনা আবেলি হীৰাই নদীত গা ধোলে—দহ দিনিয়া লঘোন, হীৰাই কোনো মতে পানীৰ পৰা পাৰত উঠি তাতে বহিল। এনেতে ৰামো গৈ তেওঁৰ পাছত থিয়

দিলে৷ তাৰ অলপ পাছতে হৰি বাপুৰে এজন ভদ্ৰলোকৰ সৈতে

৭৮