পৃষ্ঠা:সমাজ-কথা.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


 ৰাতি পুৱাল। কেই জনীমান আদহীয়া তিৰী আহি হীৰাক আত্মা তত্বৰ বুজান দিব ধৰিলে। তাৰ প্ৰায় লগে লগে কেইজন মান পুৰুষো তাত উপস্থিত হৈ হীৰাক বেজাৰ কৰিবলৈ হাক দিব ধৰিলে। অলপ পাছতেই মৃত্যুৰ কাৰণ জানি কিছুমানে ভয়ত কিছুমানে নানা কামৰ আচিলা লগাই এজন এজনকৈ আঁতৰি গল। সেই গাৱৰ পৰা তিন মাইল দূৰত কেইঘৰ মান হীড়া মানুহ আছিল। কেই জন মান লোকে তেওঁ লোকক খবৰ দিয়াৰ ঠিক কৰিলে, কিন্তু তিনি মাইল বাট, যায় কোন? ই বোলে তুমি যোৱা সি বোলে তুমি যোৱা এই ৰকম কৰোঁতে কোন যায়, কেবা দুপৰলৈ ঠিক নহল।

 আগেয়ে কৈছোঁ হীৰাহঁতৰ ঘৰ এদাঁতিত,—আন কাৰো ঘৰৰ লগত তেওঁলোকৰ ঘৰৰ যোগ নাই। বাৰীৰ তিনিওফালে বাঁহ সম্মুখ খন খোলা, মাজতে ঘৰটো। দুপৰীয়ালৈ হীৰাক কেৱে সহায় নকৰা দেখি নিজৰ মুখৰ অগ্নি নিজে নুমোৱাকে হীৰাই ঠিক কৰিলে। তেওঁ কান্দিবলৈ এৰিলে — বাজত থকা খৰি খেৰ গোটাই ঘৰৰ ভিতৰতে মাকৰ ওপৰত জাপি দিলে। দোকানলৈ গৈ অলপ ঘিউ আনিলে; সেই ঘিউখিনি মাকৰ শৰ ওপৰত ঢালি দিলে। খবৰ লোৱা মানুহ, সান্ত্বনা দিয়া তিৰোতা, হীৰাৰ ঘৰ চুৱা যোৱা ব্যৱস্থা দিয়া অধ্যাপক আদি সেই সময়ত কেৱে নাছিল। হীৰাই ঈশ্বৰক ভাবি ঘৰত জুই লগাই দিলে। ঘৰত জুই লগা দেখি নৈত গা ধুই থকা লোকবিলাক দৌৰি হীৰাৰ ওচৰ পালে আৰু

তেওঁক গালি ধৰিলে হীৰাই কাৰো গালিলৈ কাণ নিদিলে।

৭৭