হীৰাই কিন্তু অলপপৰ নীৰৱে থাকি এটা দীঘল হুমুনিয়াহ কাঢ়ি কলে—
“কিবা পাপৰ ফলতহে মানুহ নীহ কুলত উপজে?” মাকে তেওঁৰ কথাৰ
একো সমিধান নিদি কলে “আই, তই ভিতৰলৈ যা, মই শৌচ কৰি
আহোঁ।” এই বুলি কৈয়েই তেওঁ ফুৰা হবলৈ গল। তাৰপৰা আহি গ
ধুলে, কিন্তু এখান মান তামোল খোৱাৰ পাছতেই আকৌ মুকলি ফুৰিবলৈ
গল; এইদৰে দুঘণ্টা মানৰ ভিতৰত ৪৷৫ বাৰ জাৰাফুৰা হোৱাত তেওঁ
লাংখাই পৰিল। ৰাতি প্ৰায় দোভাগ হৈছে —হীৰা, ছোৱালী আৰু অকল
শৰীয়া—বৰ হতবুদ্ধি হৈ পৰিল। তথাপি লৰালৰিকৈ দুটা মান দৰবৰ
ব্যৱস্থা কৰিলে; কিন্তু এটাও ঠিকত নপৰিল। হীৰাই শেষত ফেন
ফেনকৈ কান্দি মাকক সেকিব ধৰিলে। ৰাতি দোভাগ ডাল দি গল।
লগে লগে আজলী হীৰাৰ সংসাৰ-লাখুটি জননীৰো জীৱন-প্ৰদীপ ক্ৰমে ক্ষীণ
হৈ আহিল। কিছু পৰৰ পাছত মাক ধহমহকে উঠি কব ধৰিলে –“হীৰা,
হৰিবাপুৱে তোক হিংসা কৰিব, তই অলপো ভয় নকৰিবি। তোৰ
ব্যৱস্থা সেই ডেকা মহাপুৰুষে কৰিব, মই যাওঁ, তই নাকান্দিবি—ৰাতি
পুৱাই আহিছে, একো ভয় নাই।” এই বুলি ধাচ কৰি তেওঁ আকৌ
বিছনাত পৰিল আৰু ক্ষন্তেকতে নিদ্ৰা গল। এই নিদ্ৰাই তেওঁৰ মহা
নিদ্ৰা হল। হীৰাই হৰাউৰাৱে মূৰ আফালি কান্দিব ধৰিলে। হীৰাৰ
কান্দোনৰ প্ৰতিধ্বনি নদীৰ বুকত ৰৈ ৰৈ উঠিব ধৰিলে। হীৰাৰ কান্দোন
সহিব নোৱাৰি গছৰ ডালৰ পৰাই ফেঁচাই মাত দিলে থমালে, শিয়ালে
সান্ত্বনা দিলে আৰু সূৰ্য্যদেৱে পূবে বগা ডাঁৰ দি সহাঁৰি দিলে।