পৃষ্ঠা:সমাজ-কথা.djvu/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮ )


 পাছ দিনাৰপৰা আকৌ পূৰ্ব্বৰ কাম পূৰ্ব্ব নিয়মে চলিবলৈ ধৰিলে; মানুহে দেখি আচৰিত হল — আৰু কানাকানি কৰি কবও ধৰিলে— “ইমান সোনকালে মানুহে শোক এৰিব পাৰে!” কিন্তু গোপালে কাকো একো নকলে; তেওঁ পূৰ্ব্বৰ দৰে হাঁহি মুখে প্ৰফুল্ল অন্তৰে নিজৰ কাম দুগুণ উৎসাহে চলাব ধৰিলে।

 বহুতে তেওঁক দ্বিতীয়বাৰ দ্বাৰ পৰিগ্ৰহ কৰিবলৈ বন্ধুৰ উপদেশ দিলে; গোপালে উত্তৰ দিলে—“মোৰ, এই কামেই পত্নী, কামেই মাতৃ, কামেই পিতৃ, কামেই সোদৰ বন্ধু, কাম বিনে মোৰ একো নাই। ইয়াতেই মোৰ প্ৰিয়তমাৰ ছবিটি আছে, ভগৱানৰ ৰূপ আছে—তাতেই মোৰ শান্তি, আন শান্তি নালাগে মোৰ একো অভাব নাই অসুবিধা নাই, ভগৱন্তৰ কৃপাত সদায় সকলো কামত মই শান্তি পাইছোঁ। আপোনালোকে এই শান্তিৰ শীতল পানীত বিষ ঢালিবলৈ নকব।”

 প্ৰকৃততে গোপালৰ জীৱনৰ শেষ দিনলৈ শান্তি বন্ধা আছিল। তেওঁৰ অদম্য উদ্যমত নানা ঠাইত স্কুল, কাৰখানা, চিকিৎসালয়, হৰি

মন্দিৰ স্থাপিত হৈছিল। তেওঁ দুখনতকৈ বেছি কাপোৰ নিপিন্ধিছিল

৬৩