পৃষ্ঠা:সমাজ-কথা.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 

আৰু এসন্ধ্যা মাত্ৰ আহাৰ কৰিছিল। শেষত এদিন। শেষ দিন ভাবি গোপালে তেওঁৰ উপযুক্ত শিষ্যৰ হাতত সকলোকে সমৰ্পণ কৰিলে; আৰু শিষ্য পুত্ৰ ও ভক্তবৃন্দক চাৰিওফালে বহুৱাই শিষ্যবৰ্গক আশীৰ্ব্বাদ দি হৰিনাম জপ কৰি কৰি হাঁহিমুখে শান্তিধামলৈ বিদায় ললে। আজি গোপাল আৰু গোলাপী নাই কিন্তু সিবিলাকৰ কৰা কামে অসংখ্য নৰ-নাৰীৰ আৰ্থিক, পৰমাৰ্থিক হিত সাধি জগতত শান্তি বিহিব ধৰিছে।

⸻⸻

৬৪