পৃষ্ঠা:সমাজ-কথা.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


মায়া এৰি কৰ্ম্ম কৰিবলৈ—সি যে মোৰ পক্ষে একেবাৰে অসম্ভৱ। যেতিয়া অবিৰাম হাই-উৰুমি উঠি থাকা সংসাৰত সোমাম—নানা প্ৰকাৰ ৰোগ, শোক, দুখ, ক্লেশে মাৰোঁ, কাটোঁ, খাওঁ কৰি ভীষণ মূৰ্ত্তি ধৰি খেদি আহিব, তেতিয়া মায়াৰ মোহিনীমূৰ্ত্তিত ভোল নগৈ ৰম কেনেকৈ? প্ৰভু, মোক ক্ষমা কৰক।

পু:—গোপাল, সংসাৰ পৰীক্ষাৰ স্থল—তাক বেয়া বুলিব নাপায়। তুমি ভাল নোপোৱা সি বেলেগ কথা। চোৱা, ঢেকি দিয়া পোৱাতীয়ে কেচুৱাক কোলাত লৈ পিয়াহ দিয়ে, দৰকাৰ হলে ওচৰৰ মানুহৰ লগত কথা কয় কিন্তু তেওঁৰ মন থাকে বাৰেতীলৈ; সেইদৰে সংসাৰীয়ে কাণেৰে ঈশ্বৰৰ কথা শুনিব, মুখেৰে নাম লব, হাতেৰে সংসাৰৰ কাম কৰিব কিন্তু অন্তৰত তেওঁৰ ৰূপ হিয়াত জিলিকাই ৰাখিব; কোৱাচোন গোপাল এনে অৱস্থাত মায়াই কেনেকে ওচৰ চাপিব। আৰু এটা কথা—তুমি যাক ভাল পাইছিলা, যাৰ সন্তাপত আজি তুমি জীবন উৎসৰ্গা কৰিবলৈ পানীত নামিছিলা, সিজনৰ কৰা কাম খিনি জীৱাই থাকিলে তুমি আনন্দ নোপোৱা নে? বাৰু কোৱাচোন, তুমি আজি আঁতৰিলে তোমাৰ বিশাল কৰ্ম্ম-ক্ষেত্ৰৰ কিবা ৰব নে? তোমাৰ বা তোমাৰ প্ৰিয়তমা পত্নীৰ কিবা চিন সংসাৰত থাকিব নে? সেই নিমিত্তে আকৌ কওঁ— তুমি যোৱা; তুমি যাক প্ৰাণৰ সমান ভাল পাইছিলা, তাৰ আত্মাৰ

আনন্দৰ অৰ্থে কাম কৰা গৈ—তোমালোক পুনৰ মিলিব পাৰিবা।

৬১