গ্ৰহণ কৰিছিলোঁ, এতিয়াও ঠিক সেইদৰে আছোঁ। এইবোৰত মই
সন্তুষ্ট থাকিলেও সংসাৰীৰ পক্ষে ই এটা কঠোৰ শাস্তি। তুমি
“ঠেকত পৰি ৰাম বুলিলে’’ কেনেকে ইয়াত তৃপ্তি বোধ কৰিবা;
তদুপৰি ই তোমাৰ উপযুক্ত ক্ষেত্ৰ নহয়।
গো:—প্ৰভু, আপুনি প্ৰকৃতিৰ ঐশ্বৰ্য্যেৰে ঐশ্বৰ্য্যবান, দূৰ ভবিষ্যৎ আপো- নাৰ হাতৰ তলাত; দুৰ্ভিক্ষ, অনাবৃষ্টি, মাৰক ৰোগ আদি ভগবানৰ কাৰ্য্যৰ কাৰণ জানি আপুনি প্ৰফুল্লিত। সাধু সঙ্গেই আপোনাৰ কৃষকৰ কাম কৰিছে–আপোনাৰ জীৱন শস্য ক্ষেত্ৰ, ঈশ্বৰ চিন্তা হালৰ স্বৰূপ, ই সদায় আপোনাৰ হৃদয় চাহ কৰিছে— হৰিনাম বীজৰূপে ক্ষেত্ৰত পৰছে, সন্তোষৰূপ মৈয়ে ওখ চাপৰ ভাব সমান কৰিছে—দীন-হীন সাজ পিন্ধাইছে, ভক্তিয়ে সকলো শস্য গোটাইছে আৰু ভক্তবৎসল ভগবানে আপোনাক তেওঁৰ নিৰাকাৰ হৃদয়-মন্দিৰত ঠাই দিছে। এতেকে দেৱ, এই অধমক নছলিব।
পুঃ—তুমি কোৱা কথা আংশিক ভাৱে সচাঁ হলেও তোমাৰ কাম বেছি পৰিত্ৰ গোপাল—কিন্তু দেখিছোঁ তোমাৰ ধৈৰ্য্যৰহে অভাব। ভগৱন্তত ভক্তি ৰাখি মায়া এৰি কৰ্ম্ম কৰাই শ্ৰেষ্ঠতম পন্থা। তুমি তাৰে উপযুক্ত। সি আমাৰ পথতকৈ বেছি ওপৰত। তদুপৰি সেই কৰ্ম্ম এৰিলে তোমাক পাপেও পৰ্শিব।
গো:—মোৰ যে, মন নচলে কি কৰোঁ। দেৱ! আৰু আপুনি কৈছে