সমললৈ যাওক

পৃষ্ঠা:সমাজ-কথা.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


দিব লগাত পৰিছিল। শেষত কন্যাদায়গ্ৰস্থৰ উৎপাত বেছি হোৱাত তেওঁ এদিন নিজ গাৱঁৰে মৰোঁ মৰোঁ হৈ থাকা এজনী দুখুনী বিধবাৰ একমাত্ৰ কন্যাক হঠাৎ বিয়া কৰাই পেলালে। বিয়াত ঢুলীয়া-খুলীয়া নাই, গীত জোকাৰ নাই,—লগত গৈছিল পুৰোহিত বামুণটি আৰু ছাত্ৰবন্ধুবিলাক। গাৱঁৰ মানুহে প্ৰথমে খবৰ পোৱা নাছিল, পাছত খবৰ পায়েই কিন্তু কোনো ৰব নোৱাৰিলে—সকলো গৈ বিধবাৰ চো'তাল ভৰি পৰিল। বিয়া হল কিন্তু পৰ মুহূৰ্ত্ততে বিধবাই চকু মুজিলে; মৰিবৰ পূৰ্ব্বক্ষণত বিধবাই গোপালৰ মুখলৈ চাই এটি আনন্দৰ হাঁহি মাৰিলে।

——⸻

৪৬