পৃষ্ঠা:সমাজ-কথা.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 

নাম প্ৰায় এঘণ্টামান হয়, তাৰ পাছত গোপালে পুথি পঢ়ি টান কথাবোৰ সকলোকে বুজাই দিয়ে। প্ৰসাদ বিলোৱাৰ আগতে গোপালে গাৱঁৰ অভাৱবোৰ আলোচনা কৰে; কিপ্ৰকাৰে চলিলে নিজৰ অসুবিধা- বোৰ নিজে আঁতৰাব পাৰি—বেমাৰ-আজাৰৰ হাত সাৰিব পাৰি গোপালে সেইবোৰ বুজাই দিয়ে। কোনো কোনো দিন প্ৰসাদ লোৱাৰ পাছতে উপস্থিত ডেকাবিলাকক লগত লৈ দুখীয়া নিচলা মানুহৰ পানীৰ অভাব পূৰাই দিয়ে, বাৰীৰ হাবি কাটি চাফ কৰি দিয়ে। এইদৰে কিছুদিন চলোঁতেই গোপালৰ গাওঁ নলচা এখন সুন্দৰ নগৰৰ দৰে হৈ উঠিল।

 গোপাল জাতিত বামুণ আছিল; তেওঁ সেইদৰে যাৰে-তাৰে চুৱা- পাতলি কাটি ফুৰা দেখি সমাজে তেওঁক এৰি থলে। আৰু সিবিলাকৰ লৰা-ছোৱালী তেওঁৰ স্কুলেৰপৰা এৰুৱাই দিলে। ইয়াত গোপাল অলপো নটলিল—তেওঁ নিজ কৰ্ত্তব্য পূৰ্ব্বতকৈ দুগুণ উৎসাহে কৰিবলৈ ধৰিলে। গোপাল স্বজাতিৰ সমাজৰপৰা যদিও এৰা পৰিল, আন ফালে আন আন জাতৰ আন আন বহুত লোক আহি তেওঁৰ লগত যোগ দিলে। কিছুদিনৰ পাছত গোপালৰ কাম দেখি জ্ঞাতিবৰ্গ আঁতৰত ৰব নাৱাৰিলে—আজি এঘৰ, কালি এঘৰ কৰি পুনৰ সকলোবিলাক গোপালৰ লগ হল—গোপাল সকলোৰে হল।

 গোপালত কন্যা বিয়া দিবলৈ সকলোৰে হেঁপাহ—এই উপলক্ষে গোপাল কম জলুমত পৰা নাছিল। গোপাল বৰ মিঠামুখীয়া আছিল

কিন্তু সময়ত তেওৰ শহুৰ হবলৈ আহা দুই এজনক কঠুৱা কথাৰে বিদায়

৪৫