পৃষ্ঠা:সমাজ-কথা.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৫)


 গোপালৰ ঘৈণী গোলাপী বৰ স্বামী পৰায়ণা আছিল—স্বামী গুৰু কিহত সুখ পায় গোলাপীৰ সেই এক মাত্ৰ চিন্তা আছিল। বিয়াৰ পাছৰপৰা গোপালে গোলাপীক এজনী ছাত্ৰীৰ দৰে ব্যৱহাৰ কৰি নানা বিষয়ে শিক্ষা দিবলৈ ধৰিলে। গোলাপী অলপ দিনৰ ভিতৰতে সকলো বিষয়ত পৈণত হৈ উঠিল। গোপালে দুখীয়া মানুহক সহায় কৰে, বেমাৰীক শুশ্ৰূষা কৰে গোলাপীয়েও সুবিধা পালে তাক নকৰি নাথাকে। চ'ত মহীয়া বিল-খাল শুকাই গলে গৰু-গাই পানী খাবলৈ নাপাই ঘূৰি ফুৰে, গোলাপীয়ে নাদৰপৰা পানী তুলি সেইবোৰক পানী খাবলৈ দিয়ে; কেতিয়াবা কেতিয়াবা গোপালেও আহি তেওঁক সেই কামত সহায় কৰে। তেওঁলোকৰ ওচৰত এজনী দুখীয়া মছলমানৰ বিধবা তিৰী আছিল; তেওঁৰ একেটি মাত্ৰ লৰা। তেওঁ আগয়ে মাগি-খুজি খাইছিল, পাছত গোপালৰ যত্নত তেওঁ নিজে যত্ন কৰি কোনা মতে মাৱে-পোৱে পেট প্ৰবৰ্ত্তি চলিব পৰা হৈছিল। এসময়ত লৰাটিৰ টান নৰিয়া হয়; গোপালে খবৰ পাই গৈ লৰাটিক শুশ্ৰূষা কৰিব ধৰিলে কিন্তু বেমাৰ সকাহ নপৰিল; চাওঁতে চাওঁতে এদিন সাজ লাগাওঁতেই বিধবাৰ নয়ন-মণি অন্তৰ্হিত হল—বিধবাই জগত

৪৭