পৃষ্ঠা:সমাজ-কথা.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৪ )


 গোপালে লৰা কালৰেপৰা চাকৰিক ঘিন কৰিছিল; উকীল ব্যৱসায়টোকো “কথা বেচি খোৱা” বুলি ঠাট্টা কৰিছিল। তেওঁ কোনো ব্যৱসায় কৰিবলৈও উপায় নাপাই বাপতীয়া মাটিখিনিকে আধি দি নিজ ঘৰতে এখান পঢ়াশালি পাতিলে। কলিকাতাত থাকোঁতে তেওঁ অলপ মিস্ত্ৰী কাম শিকিছিল। তেওঁ সেই শিক্ষা কামত লগাবৰ অৰ্থে তেওঁৰ বাৰীত থকা ভাল ভাল গছবোৰৰ তক্তা ফালালে আৰু সেইবোৰৰ নানাবিধ ঘৰুৱা সাজ তৈয়াৰ কৰিবলৈ ধৰিলে। গোপালে ৰাতিপুৱা সৰু সৰু লৰা-ছোৱালীক পঢ়ায়, দুপৰীয়া গাৱঁৰ ডেকা লৰাবিলাকক মাতি আনি সিহঁতৰ সৈতে কাঠৰ কাম কৰে, আবেলি গাওঁ ফুৰিবলৈ যায়— কোনে বেয়া পানী খায়, কাৰ ঘৰ-দুৱাৰ অপৰিষ্কাৰ, কাৰ জ্বৰ-নৰিয়া, তেওঁ এইবোৰৰ অনুসন্ধান লৈ ফুৰে। গধূলি আকৌ স্কুল বহে—এই সময়ত মিন্ত্ৰী কাম শিকা ডেকাবিলাক আহে; সিহঁতে পুথি পঢ়িবলৈ শিকে, বাতৰি কাকত শুনে আৰু নানা প্ৰকাৰ নীতি-উপদেশ গোপালৰপৰা লয়। ৰবিবাৰে এই নিয়মে নচলে—সেই দিনা লৰা-ছোৱালীৰ পাঠ নিষেধ, ডেকাৰ কাম বন্ধ—দুপৰিয়া ১২ বজাত হৰি-কীৰ্ত্তন আৰম্ভ হয়— তাত গাৱঁৰ লৰা-ছোৱালী,ডেকা-গাভৰু,বুঢ়া-বুঢ়ী সকলোৱে যোগ্‌ দিয়ে—

গোপালৰ ছাত্ৰ-ছাত্ৰীবিলাকে উপস্থিত লোকবিলাকক অভ্যৰ্থনা কৰে।

৪৪