পৃষ্ঠা:সমাজ-কথা.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


বি, এ, পাছ হৈছে। পৰীক্ষাৰ খবৰ শুনি হাকিম আৰু অস্থিৰ হল আৰু নিজে পাছ দিনা ৰবিবাৰ পাই গোপালৰ ওচৰত উপস্থিত হল গৈ৷ গোপালে হাকিমৰ আগমনৰ কাৰণ বুজিব পাৰি বিনয়-নম্ৰ-বচনে তেওঁৰ প্ৰস্তাৱত অসম্মতিৰ ভাব প্ৰকাশ কৰি তেওঁক বিদায় দিলে। সেই দিনাৰপৰা উকীল আৰু হাকিমৰ মনান্তৰ ঘটিল—গোপাল, হাকিম আৰু উকীলৰ চকুৰ শূল হল। ইয়াৰ পাছত গোপাল ২৷৩বাৰ মোমায়েকৰ ঘৰলৈ গৈছিল—কিন্তু গোপালে এদিনো মোমায়েকৰ মুখৰ মাত আষাৰ নাপালে।

⸻⸻

৪৩