পৃষ্ঠা:সমাজ-কথা.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


প—বৰ সুন্দৰ কথা; এতিয়া ওপৰত উনুকিয়াই আহা কথা খিনি আপুনি এবাৰ ভাবি পৱিত্ৰ দাম্পত্য প্ৰণয়ত কাল কাটাবলৈ যত্ন কৰিলে সোনকালে নিজক চিনিব পাৰিব। কিন্তু ইশ্বৰ চিন্তা মূলত লাগিব—মনত ৰাখিব যেন। সাদ্যহতে আপোনালোকৰ বামুণৰ নিত্য-নৈমেত্তিক কৰ্ম্ম খেনি কৰিলেই যথেষ্ট হয়—সৰহ নালাগে৷

গো—(গোলাপে পদুমৰ ভৰিত ধৰি কবলৈ ধৰিলে) দেবি, মোক এই বাৰলৈ ক্ষমা কৰা; মই পাপ ভাব লৈ আহিছিলোঁ, ক্ষমা কৰা। তোমাৰ চৰণত ধৰি কৈছোঁ, কেতিয়াও কাকো তেনে কথা মই আৰু নকওঁ।”

প—ছি, ছি, আপুনি কি কৰিছে! আপনি কথা সুধিছে, মই কৈছোঁ। এয়ে মোৰ জগৰ।
 ঠিক সেই সময়তে পদুমৰ চিঞাৰ মতে পদুমৰ মাক তাতে ওলাল।

পদুমে কলে—“চোৱা মাই, এওঁ কি কৰিব ধৰিছে।”

মা—“বাৰু যা গোলাপ, আগলৈ আৰু তেনে কথা কাকো নকবি।”

গো—(কান্দোঁ কান্দোঁ হৈ হাত জোৰ কৰি) মই নকওঁ আই, এইবাৰলৈ ক্ষমা কৰক৷’’

মাক—মই কেতিয়াবাতে ক্ষমিলোঁ, তই ঘৰলৈ যা। গোলাপ বিদায় হল; ইয়াৰ পাছত গোলাপে কেবাদিনো ফুলবাৰী পদুমৰ ওচৰত গীতা

শুনিছিল বুলি শুনা যায়।

৩৬