কৰি সময় নিয়ায়। অন্য চিন্তা নাথাকিলে ইন্দ্ৰিয় সুখৰ চিন্তাই
বেছি বল কৰে। সেই নিমিত্তে কেতিয়াও এলাহৰ বশ
হৈ বহি থাকিব নালাগে—বৰং নিজৰ সাংসাৰিক অৱস্থা
উন্নত কৰিবলৈকেই চিন্তা কৰিব লাগে। কিন্তু বেছিকৈ নিজৰ কাম-
কাজৰ কথা চিন্তা কৰিলে মানসিক উন্নতিৰ বিশেষ আশা নাই,
সেই কাৰণে আজৰি সময়ত ভাল ভাল সাহিত্য, বিজ্ঞান-দৰ্শন আদি
পুথি পঢ়িব লাগে। তাক কৰিবলৈ ভাল নাপালে আকাশ চাইও সময়
কটাব পাৰি,নহলে নিজৰ বা আনৰ লৰা-ছোৱালীৰ লগত কথা-বতৰা
পাতি বা শিক্ষা দি সময় নিয়াব পাৰি। ওচৰ চুবুৰীয়াৰ বা-বাতৰি
লোৱা আৰু সিবিলাকক সঙ্গ উপদেশ দিয়া আদি কামতো সেই সময়
খিনি লগাব পাৰি।
কুসংসৰ্গে কৰিব নোৱাৰা একো নাই। এই কাৰণে ভয়ে
ভয়ে সেই কাল সৰ্পবোৰৰপৰা নিলগতে আঁতৰ হব লাগে।
যিবিলাক ইন্দ্ৰিয়পৰবশ, অশ্লীলভাষী, অশ্লীল আমোদ-প্ৰমোদ ভাল
পোৱা মানুহ সিবিলাকৰপৰা নিলগত থাকিব লাগে। কিয়নো
ইবিলাকৰ উদাহৰণত, উচটনিত, কথা-বতৰাত নিজক যেই
সেইটিহে ঠিক ৰাখিব পাৰে। আমাৰ কিছুমান সভ্য নামধাৰী
সমাজত থকাৰ এটা প্ৰধান অমঙ্গল এই কুসংসৰ্গ। বাপুটি, আপুনি
বিবাহিত নে?
—(গোলাপে মুখেৰে মাতিব নোৱাৰি মুৰ দুপিয়ায়।)