অলপ হৃদয়ত বল লাগে। কামে ইন্দ্ৰিয়বোৰক আশ্ৰয় কৰে আৰু
সি জ্ঞানক ঢাকি পেলায়; তেতিয়া ইন্দ্ৰিয়বোৰৰ দ্বাৰা আত্মা বিমুগ্ধ
হয়। এই বাবে আগেয়ে ইন্দ্ৰিয়বোৰক দমন কৰি নিজৰ ইচ্ছাধীন
কৰিব লাগে।
ইন্দ্ৰিয়বোৰৰ ভিতৰত মন শ্ৰেষ্ঠ আৰু মনতকৈ বুদ্ধি শ্ৰেষ্ঠ। এই বুদ্ধি সত্ত্বস্থ নহলে শাস্ত্ৰ বা গুৰুৰ উপদেশে একো হিত সাধিব নোৱাৰে। বুদ্ধি সত্ত্বস্থ হলে ইন্দ্ৰিয়বোৰ আপুনি দমন হব তেতিয়া দুৰ্জ্জয় কামৰূপ শত্ৰুৱে কেনেকে আগত দেখা দিব? বৰং পৰমাত্মাক দেখি জীৱ মোহিত হৈ পৰমানন্দময় হব পাৰে। বাৰু, আপুনি ঈশ্বৰ বিশ্বাস কৰে নে?
গো— দেবি! মোৰ সমান নৰাধম কোন আছে? আজি তোমাক দেখিহে ঈশ্বৰলৈ মনত পৰিছে?
প—আপুনি শাৰীৰিক ব্যায়ম কি কি কৰে?
গো—ফুকনৰ ঘৰলৈ যোৱা আৰু আহা, ইয়াৰ বাহিৰে একো নাই।
প—ই অতি সামান্য; শাৰীৰিক আৰু মানসিক উভয় স্বাস্থ্য থাকিলে ইন্দ্ৰিয়ৰ দুষণীয় ৰোগ জন্মিব নোৱাৰে। আপুনি অন্ততঃ এঘণ্টা শাৰীৰিক শ্ৰম কৰিব। চৰিত্ৰ সংশোধনৰ অৰ্থে আহাৰৰো এটা নিয়ম থাকিব লাগে। উত্তেজক পানাহাৰ একেবাৰে নিষিদ্ধ আৰু সুৰাপানো নিষেধ। ইয়াৰ উপৰি এলাহ আৰু কুসংসৰ্গ এই দুটা ডাঙৰ
বৈৰী। এলাহৰ বশ হৈ মানুহ কেৱল বহিয়েই নাথাকে, প্ৰায় কুচিন্তা
৩৪