পৃষ্ঠা:সমাজ-কথা.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


আপোনাৰ লগত কৰা ব্যৱহাৰ দেখিয়েই বোধ কৰোঁ তেনে ভাব মনলৈ আনিছে। আমাৰ মানুহৰ এইটো বৰ বেয়া স্বভাৱ যে, প্ৰায় সকলো সময়ত সকলো কথাৰে বেয়াৰ ফাললৈহে ভাবে। সেই সন্মুখত থাকা কৃষ্ণমূৰ্ত্তিটি দেখিছে নে? তেওঁ উদ্দেশ্যে দিয়া নৈবেদ্য, ধূপ চাওক। মোৰ মন প্ৰফুল্ল হবলৈ আৰু তেওঁৰ চৰণত মন ৰাখিবলৈ নানা বিধ ফুলেৰে এই পোলিটো সজাইছোঁ— আপোনাৰ উদ্দেশ্যে নহয়। প্ৰতি অমাবস্যা, পূৰ্ণিমা আৰু একাদশীত এইদৰে পিতাৰ আদেশত মাহত তিনি বাৰকৈ ঘৰৰ ভিতৰত ঈশ্বৰ উপাসনা কৰোঁ—আন দিন গোসাঁই ঘৰতহে হয়। স্বামী গুৰুৰ পৰা বঞ্চিত হবৰ দিন ধৰি কৃষ্ণয়ে এইদৰে চলাইছে।

গো– (কিছু পৰ নমতাকৈ ৰৈ) পদুম, চোৰে চোৰৰ ঠেং দেখাৰ দৰে পাপীয়ে সকলো ফালে পাপহে দেখে—ক্ষমা কৰিবা। (আৰু অলপ ৰৈ) উস্ কি কুক্ষণত, নহয় সুক্ষণত আহি তোক লাগ পালোঁ। পদুম, তুমি ক্ষমা নকৰিলে মোৰ নিস্তাৰ নাই ক্ষমা কৰা—আজিৰপৰা আৰু মই তেনে কথা কাকো নকওঁ।

প—কোৱা আৰু চোৱা নিজৰ ইচ্ছাধীন কাম। আপুনি এৰোঁ বুলিলে এৰিবলৈ কি?

গো—কিন্তু মনক বশ কৰা বৰ টান; তুমি ইয়াৰ কিবা উপায় দিব পাৰা নে?

প—উপায়! আপুনি আহি যি দেখিছে সেয়েই। কিন্তু ইয়াকে কৰিবলৈ

৩৩