পৰীক্ষাৰ খবৰ ওলাবলৈ দহ দিন মান থাকেঁতে মোৰ পূজ্যপাদ আদি
গুৰু পৃথিবীৰ দেৱতা মান্নাত পৰি লুকাল; মই মোৰ সোণৰ সংসাৰ
অন্ধকাৰ দেখিলোঁ। সংসাৰত মই আৰু মোৰ কেৱল গৰ্ভধাৰিণী ৰলোঁ।
সৰু সৰু ভাই দুটি আৰু মৰমৰ ভনিটিও পিতৃদেৱৰ সেৱা ধৰিবলৈ
লগতে গল।
পৰীক্ষাৰ খবৰ ওলাল—মই পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ প্ৰথম স্থান অধিকাৰ কৰিছোঁ; কিন্তু সেই সময়ত সেইবোৰ মোৰ বিষ যেন লাগিছিল—তালৈ পিঠি দি পিতৃদেৱৰ শ্ৰাদ্ধাদি সাং কৰিলোঁ। তাৰ দিন চেৰেকৰ পাছতে আমাৰ প্ৰধান শিক্ষক মহাশয়ে মোক মাতি নি আদৰ সাদৰ কৰিলে আৰু লগতে কলে “মোহন, তুমি কুৰি টকাকৈ বৃত্তি পাইছা, এতিয়া কলিকাতালৈ যাবলৈ কাৰবাৰ কৰা।” মই একো নামাতিলো, আৰু তেওঁক প্ৰণাম এটি কৰি ঘৰলৈ আহিলোঁ।
সংসাৰত আছে মোৰ কেৱল আৰাধ্য দেবী মাই; মই ভাবিলোঁ পঢ়ি শুনি কৰিম কি? যি পঢ়িলোঁ এয়ে হল, পাৰিলে কৰবাত সোমাই দুয়োৰো জীৱিকা উলিয়াব পাৰিলেই হয়। মই কুৰি টকাকৈ বৃত্তি পোৱা কথা লাহে লাহে মাইৰ কাণত পৰিল। তেওঁ দুদিন মান একো কোৱা নাছিল, পাছত এদিন ৰাতি মোক ওচৰত বহুৱাই কলে— “বাপা, তই পঢ়িবলৈ যা, মোৰ কাণৰ সোণা জোৰ বেচিলে দুকুৰিমান
টকা পাবি, তাৰেই তোৰ কলিকাতা যোৱা খৰচ হব। মোৰ নিমিত্তে