পৃষ্ঠা:সমাজ-কথা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


চিন্তা কৰিব নালাগে, মাটিখিনি আধি চুকানিলৈ দি কোনো মতে মই চলিব পাৰিম।” মই প্ৰথমতে অস্বীকাৰ কৰিলোঁ। কিন্তু পাছতে ভাবিলোঁ কোনো মতে এফ, এ, পাছ কৰিব পৰিলে এটা ভাল কাম পাব পাৰোঁ, আহোঁয়েচোন এই দুবছৰ পঢ়ি; এই বুলি পঢ়িবলৈ যোৱাটোকেই স্থিৰ কৰিলোঁ।

 সেই বছৰ গুৱাহাটীত কলেজ খুলিছে; মই কলিকাতালৈ নগৈ গুৱাহাটীৰ কলেজতে ভৰ্ত্তি হলো, কোৱা বাহুল্য মোৰ জননীৰ কাণৰ সোণা বেচি তাৰেই কিতাপাদি কিনিলোঁ‌। কলেজ প্ৰধান অধ্যাপকে মোক পাই ৰং পালে আৰু মোৰ মাছুল মাফ কৰি দিলে।

 আগেয়ে কৈছোঁ‌, মই চেঙেলীয়া ডেকা; দাৰি গোফ অলপ খুতিয়াব ধৰিছে; বৰণো মোৰ উজ্বল আছিল, তাতে আকৌ মই অবিবাহিত আৰু গাৱঁৰপৰা অহা; গতিকে চহৰীয়া কন্যাদায় থকা লোক সকলৰ মই বৰ আদৰৰ পাত্ৰ। চাই থাকোতে মোৰ দুবছৰ অতীত হল; ডাঙৰীয়াসকলৰ ঘৰে ঘৰে নিমন্ত্ৰণ খাই ফুৰাত মোৰ পঢ়াও সিমান ভাল নহল—তথাপি এফ. এ, পাছ কৰিলোঁ; কিন্তু পৰিতাপৰ বিষয় বৃত্তি ধৰিব নোৱাৰিলোঁ। বৃত্তি নাপালে মোৰ পঢ়া অসম্ভৱ। এফ, এ, পাছ কৰি কামত সোমোৱা মোৰ পূৰ্ব্বৰ অভিপ্ৰায় আছিল যদিও পাছ কৰাৰ পাছত ভাবিলো কোন মতে বি, এ, টো পাছ কৰি স্বাধীনভাবে আইন ব্যৱসায় কৰিব পাৰিলেহে পঢ়াৰ অলপ গুণ ধৰিব; কিন্তু নিৰূপায়।

 
১৫