তুমি দুখীয়াৰ ঘৰত উপজি মোৰ বোৱাৰী হ'লাহেঁতেন?” এই
কথা কৈ অলপ পৰৰ পাছত আকৌ কলে “মোৰ যাবৰ হল, আশীৰ্ব্বাদ
কৰোঁ, ভগৱন্ত পুৰুষে পোনাটিক পালিবলৈ তোমাৰ অন্তৰত বল দিব।”
মই ধৈৰ্য্য ধৰিলোঁ; ওচৰ চুবুৰীয়াৰ সহায়ত নিজ হাতে সকলো কাম কৰিলোঁ॥ পাঠক পাঠিকাসকল, ইয়াব পাছত মোক নিবলৈ পিতা- মাতা কেইবা বাৰো আহিছিল, মই যাবলৈ স্বীকাৰ নকৰিলোঁ। ঘৰ দুৱাৰ ভাল কৰি দিবলৈ মানুহ পঠাইছিল, সিহঁতক কাম কৰিবলৈ নিদিলোঁ। মাটি কেই পূৰা মান আছে তাকে আধি-চুকানী দি আৰু খুজি- মাগি আনি কোনো মতে পেট প্ৰবৰ্ত্তি আছোঁ॥ গাৱৰ টোলৰ অধ্যাপকে লৰাটিক সংস্কৃত পঢ়ায়। আতাকে কেইবা দিনো মাধৱক নিবলৈ আহিছিল, তাক হেনো কলেজত পঢ়াই ডাঙৰ মানুহ কৰি দিয়ে আৰু তেওঁৰ বাগিছাবোৰ দিয়ে; সি নাযায়, আৰু আতাকক মাতিবও নোখোজ। আহিনী বাই মোৰ লগত আজিও আছে, আহিনীৰ কোনো নাই, ময়ে তেওঁৰ জীয়েক আৰু অধিকাৰিণী। আহিনী মোৰ সাৰথি, আহিনীয়ে মোৰ স্বামী-পূজাৰ জল-ফুল গোটাই দিয়ে; আহিনীক হাতত লৈয়ে পোনাটিৰে সৈতে এই সুপৱিত্ৰ ধাম ৰখিবলৈ সমৰ্থ হৈছোঁ।
⸻⸻