পৃষ্ঠা:সমাজ-কথা.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমাজ-কথা
 


লগত নিয়ক প্ৰভু।” “নহয়, তুমি ৰবই লাগিব—ই মোৰ শেষ অনুৰোধ। কিন্তু ইয়াত ইমান কষ্ট সহিব পাৰিবানে?” বুলি পুনৰ গোসাঁয়ে টানি কোৱাত, উপায় নেদেখি কলোঁ “মই থাকিব লাগিলে ইয়াতেই থাকিম কিন্তু আপোনাৰ আগত শপত খাই কওঁ, সেই ঘৰৰ নামো মই মুখত নানোঁ; খুজি খাব লাগে, খুজি খাম, নাখাই মৰিব লাগে, এই পৱিত্ৰ তীৰ্থতেই মৰিম; তথাপি মই সেই স্বামী নিন্দুক, সেই মোৰ গোসাঁইৰ অপমানকাৰীৰ ওচৰত সহায় নিবিচাৰোঁ। আৰু বাপাটো ডাঙৰ হলেও তাক সিবিলাকৰ সহায় লবলৈ বাধা দিম।” তেওঁ কলে “আই, চোৱা, মোৰ কোনো নাই সংসাৰত; কাৰ ওচৰত মই তোমাক গোটাই থওঁ, এতেকে আই সকলোকে পাহাৰা, মইতো এৰি দিলোঁ। মই আৰু বেছি সময় নাথাকোঁ; মোৰ শেষ হলেই তুমি যাবা আই,” মই তেতিয়া ডাঙৰ ডাঙৰ কৈ কবলৈ ধৰিলোঁঃ—“প্ৰভু, আপুনি দেৱতা আপুনি ক্ষমা কৰিব পাৰে; কিন্তু মই মানবী, মই তেনে দোষ ক্ষমা কৰিব নোৱাৰোঁ। আপুনি কৃপা কৰি দাসীক সেই আদেশ নকৰিব।”

 মোৰ কথা শুনি গোসাঁই কলে—“আই, তুমি ধনীৰ জীয়াৰী; ধান, ধন, দাস, দাসী তোমাৰ পিতৃ-ঘৰত অতুল। এনে অৱস্থাত তোমাৰ ভাৱ যে এনে হব পাৰে মই তাক অনুমানকে কৰিব পৰা নাছিলোঁ। ভাবিছিলোঁ মই দুৰ্ভাগা, ধনৰ লোভ ধনীৰ আপী বিয়া কৰাই সকলো আপদ ওচৰ চপালোঁ। কিন্তু আজি বুজিছোঁ, মই পৰম ভাগ্যবান্‌,

তোমাৰ নিচিনা বোৱাৰী এজনী মোৰ ভাগ্যত ঘটিছিল কিন্তু হায়, যদি

১১