পৃষ্ঠা:সন্তসাৰ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
সন্তসাৰ

মৃগয়া কৰিবে প্ৰতি অৰণ্যক গৈলা।
তৃষ্ণায়ে পীড়িত হুৱা জল বিছাৰিলা॥২০২৷
এহি স্থানে এক ঋষি ধ্যানত আছয়।
তাহান আগত পাছে জলক খুজয়।
চক্ষুক নেমেলে ঋষি নোবোল বচন॥
উপলম্ভ কৰিবাক তাৰ ভৈল মন॥২০৩॥
এহি বুলি হাতে চৰণত খুট দিলা।
সৰ্পে খাইল বুলি ঋষি কম্পিবাক লৈলা॥
চকু মেলি দেখি ঋষি উপালম্ভা কয়।
মহা খঙ্গে ঋষি হেন বচন বোলয়॥২০৪॥
পাপীষ্ঠ ক্ষেত্ৰিয় উপলম্ভা কৰ কেন মোক।
এহি সাপে অৱশ্যেক দংশীবেক তোক॥
কাতৰ কৰিয়া পাছে ভৈলা বেটা ধাম।
পাণ্ডৱৰ ঘৰে পৰীক্ষিত জাৰ নাম॥২০৫॥
পূৰ্ব্বে শুকদেৱে আহি মধুৰাতু ভৈলা।
পাছে আহি ব্যাসৰ বীৰ্য্যত উপজিলা॥
কাষ্ঠ ঘৰি খন্ত হন্তে তান জন্ম ভৈলা।
এতেকেহে দ্বৈপায়ন সুক নাম থৈলা॥২০৬॥
সকলো শাস্ত্ৰক ঋষি তাক পঢ়াৱন্ত।
মহাজন শুক তাঙ্ক ভাল নাম লন্ত॥
অনন্তৰে মলয়া গিৰিক চলি গৈলা।
আগস্তিৰ স্থানে কতু বৎসৰে আহিলা॥২০৭॥