সমললৈ যাওক

পৃষ্ঠা:সন্তসাৰ.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
সন্তসাৰ।

আঠাৰ হাজাৰ শ্লোক তুলি পুৰাণত।
ভাগে ভাগে কৰিলন্ত নাম ঈশ্বৰৰ॥১৯৬॥
কৃষ্ণৰ চৰিত গুণ লীলা অৱতাৰ।
এতেকে তাহাৰ ভাগৱত নাম সাৰ॥
নাৰদৰ মূখত ৰহস্য জ্ঞান পাই।
কৃষ্ণৰ চৰিত্ৰ লীলা গুণক বৰ্ণাই॥১৯৭৷।
হাজাৰ দশক বৰ্ষ আছা এহি মতে।
শুনা শুক মুনি পুত্ৰ ভৈলা যেন মতে॥
পূৰ্ব্বে শুক দেৱে গৃহাশ্ৰমী আছিলন্ত।
ধনে ধানে সকলো আচৰ্য্য আধ্যৱন্ত॥১৯৮॥
তানভোগ সম্প্ৰতিৰ অন্ত নাহিকয়।
পৃথিবীৰ যত ভোগ সম্প্ৰতি মিলয়॥
পৰীক্ষিত যোগেন্দ্ৰৰ মুনি আছিলেক।
তান গৃহে মন সুখে গৃহে চলিলেক॥১৯৯॥
এহিমতে তান গৃহে থাকে কতো দিন।
দুই সানু কৰুণাৰো নাহি ভিৰ্ন্না ভিৰ্ন্নি‌।
যোগেন্দ্ৰৰ মুনিৰ ভোগক মাত্ৰ মন।
গৃহাশ্ৰমী নিধিমাত্ৰ বুলিলা বচন॥২০০॥
আমাৰ ঐশৰ্য্য ভোগ তুমি কৰিয়োক।
পাছৰ জন্মত তুমি তাৰিবাহা মোক॥
যোগেন্দ্ৰৰ মুনি পাছে চেতনাক ভৈলা।
দৰিদ্ৰ দেশত ৰাজা ভোগক কৰিলা॥ ২০১॥