পৃষ্ঠা:সন্তসাৰ.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সন্তসাৰ

হৰিয়ো হৰিৰ চৰণে মাগো।
অভয় চৰণে শৰণ মাগো॥
হে গুরু দেৱদেৱ দৈবকী নন্দন।
কৃষ্ণৰ চৰণে পৰি লৈলোহো শৰণ॥১০৬৷।
দেবধৰ্ম্ম ফল সকামত ব্যভিচাৰ॥
নিৰ্ণয় কৰিয়া গুৰু পাৰ কৰা আৰ।
এহি মনে মাত্ৰ মোৰ নিত্য ভক্তি জাত।
কহিলো গোপাল মই তোমাৰ আগত॥১০৭॥
গুৰুক ঈশ্বৰ বুলি কহিলো তোমাত।
হৃদয়ৰ আত্না যেন মানিবা মনত॥
ভকততো মানীবাহা প্ৰানতো অধীক।
মাতৃভাবে মানিবাহা ভক্তৰ পত্নিক॥১০৮॥
ভকতৰ ভকতি হে সঙ্গ মানি মনে।
কৰিবা ভৰষা ভক্তি মাতৃৰ চৰনে॥
ভকতক নোবুলিবা কতুৰ বচন।
ভকতৰ অৰ্থে যেন এৰিবা জীবন॥১০৯॥
এহি মতে কহিলোহো ভকতিক য'ত।
শুনিয়োক আৰু কহো তোমাৰ আগত॥
ব্যভিচাৰ বাক্য মূখে অন্ন নুভূঞ্জিব।
সৰু চৌশ বৰ চৌশ সমান কৰিব॥১১০॥
একাদশী অমাবশ্যা আচৰিবা নিতি।
পালে দণ্ড নকৰিবা ভক্তৰ সংহতি॥