পৃষ্ঠা:সন্তমালা.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমালা। জানি তত্ত্ব জ্ঞান। পূৰাণ প্ৰধান। জ্ঞানৰ সুযুক্তি। নৱ বিধ ভক্তি। কৰি পাৱে মুক্তি। কৰি ঋষি যুক্তি। শাস্ত্ৰ ভাগৱত। কৰিলা প্ৰক্ষাত। আপন পুত্ৰত। শুকৰ আগত। ভাগৱত কৈলা। ভক্তি প্ৰকাশিলা। চিত্ত শুদ্ধ ভৈলা। সংশয় গুছিলা। চিদানন্দ ভৈলা। সমাধি ধৰিলা। অংশে নাৰায়ণ। হুয়া দ্বৈপায়ণ। চিত্ত সংশোধন। নভৈল কখন। | গুৰু বিনে আন। জানা নগণ। সংশয় বিছিন্ন। নোহে কদাচন। অনেক পথত। হুয়া উপগত। মন বিচলিত। হোয় বিস্মিত। যাইবো কোন দিশ। নাপায় উদিশ। চিতে বিমষি। শোধয় উদিশ। যেন সমুদ্ৰত। চড়িয়া নৌকাত। বায়ুৰ কোবত। ভ্ৰময় সতত। চতুৰ্দিশে ফুৰে। ৰাখিবে নোৱাৰে। কাণ্ডাৰি বাহিৰে। কোনে পাৰ কৰে।