পৃষ্ঠা:সন্তমালা.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাতনি। “সন্তমালা” নামে পুথিখনি প্ৰাতঃস্মৰণীয় গুৰু ডিফলু সত্ৰৰ এল শ্ৰীশ্ৰীযুক্ত কোষেশ্বৰ দেব গোস্বামীয়ে ৰচি বহুত দিন পেলাই থৈছিল। পাচে এদিন আমি স্কুলৰ পৰা আহোতে আমাৰ আশীৰ্বাদ কৰি এই “সন্তমালা” নামে পুস্তকখনি আমাৰ হাতত সমৰ্পণ কৰে। আমি ইয়াক পঢ়ি চাই উচিত বিবেচনা কৰি লোক সমাজত প্ৰচাৰ হবৰ কাৰণ বহুত আশা ও যত্ন কৰি ইয়াৰ বণ।- বলি যথাসাধ্য শুদ্ধ কৰি প্ৰকাশ কৰা হ'ল। যদি এই “সন্তমালা” সোনকালে প্ৰকাশ হৈ হিন্দুধৰ্মাবলম্বী তত্ত্বজ্ঞ লোক সকলৰ আদৰণীয় হয়, তেন্তে আমাৰ সকলো আশা আৰু পৰিশ্ৰম সাৰ্থক হ’ল বুলি ভাবিম। ইতি | বিনয়াবনত ১৯০৭ সন,। শ্ৰীমতিৰাম পাচনি পণ্ডিত, ১৬ই মাৰ্চ। L কলাবাড়ী গাগলগাঁও স্কুল।