সমললৈ যাওক

পৃষ্ঠা:সন্তমালা.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিবেদন। যি শাস্ত্ৰ দ্বাৰা সৰ্বাত্মা জগদীশ্বৰৰ তত্ব বুজি প্রত্যক্ষাবতাৰ পৰমেশ্বৰৰ লীলা গুণ গাই জীবন সার্থক কৰি বেদ বিহিত সকর্মক প্রবর্তন কৰি যি মনুষ্যে পশু জাতিৰ তিয় উপাধি পাইছে ; পুণ্য ভাৰতবাসী এই দেশৰ লােক সকলে জনা উচিত যে, বেদোংপত্তি যি কালত যাৰ দ্বাৰা বেদ শাখা বিভাগহৈ ধৰ্ম শাস্ত্ৰ ৰচনা হল, আৰু যি কালত ঈশ্বৰবাদী কুতর্কি দ্বাৰা অবিশ্বাসহৈ অধর্মোৎপত্তি হােৱাত ঈশ্বৰাবৰ হৈ পুনৰ ধৰ্ম ৰক্ষা কৰি সন্ত সকলক ৰাখিলে ও ঈশ্বৰাবৰ-পৰে কলিযুগত পুনৰ কি প্রকাৰে ধৰ্ম্মৰ প্রতি বিঘাত কৰাত পুনৰ মহাত্মা পুৰুষ সকলে উৎপতিহৈ হৰিভক্তি ধর্ম প্ৰচাৰ কৰি হৰিনাম প্ৰক্ষাত কৰিলে। সেই সকলৰ প্রাচীন চৰিত্ৰ বাহুল্য গতিকে সংক্ষিপ্ত বিবৰণ খর্ব পদ্যছকে মাল স্বৰূপ ৰচনা কৰা হল। | কোষেশ্বৰ দেব গােস্বামী। সন্তমালা নামৰ এই পুথিখনি কালক্রমে আহি আমাৰ হাতত পৰাত আমি অর্থ ব্যয় কৰি ইয়াক ছপা কৰালোঁ। পুথিখনি আকাৰত সৰু হলেও ইয়াত অতি সাৰ কথা আছে; ধর্মপথপ্রদ শক সুপ্রসিদ্ধ ডাঙ্গৰ সত্ৰ কেইথনিৰ সংক্ষিপ্ত বিবৰণ ইয়াত আছে। যােৰহাট, ১লা জ্যৈষ্ঠ, ঐশিবনাথ ভট্টাচাৰ্য, প্রধান শিক্ষক, ১৮২৯ শক। যােহাট গবর্ণমেন্ট মডেল স্কুল।